শ্যামকানু মহন্তৰ গীতা নগৰস্থিত বাসগৃহত দিত্বীয়বাৰৰ বাবে চিআইডিৰ দল
গুৱাহাটী, ২৬ ছেপ্তেম্বৰ(হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত এক অস্বাভাৱিক পৰিস্থিতিত পৰি মৃত্য়ুৰ ঘটনাত নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ গীতা নগৰস্থিত বাসগৃহত পুনৰ উপস্থিত চিআইডিৰ এটা দল। দিত্বীয়বাৰৰ বাবে এছএছপি ৰ''জী কলিতাৰ ন
শ্যামকানু মহন্তৰ গীতা নগৰস্থিত বাসগৃহত দিত্বীয়বাৰৰ বাবে চিআইডিৰ দল


গুৱাহাটী, ২৬ ছেপ্তেম্বৰ(হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত এক অস্বাভাৱিক পৰিস্থিতিত পৰি মৃত্য়ুৰ ঘটনাত নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ গীতা নগৰস্থিত বাসগৃহত পুনৰ উপস্থিত চিআইডিৰ এটা দল। দিত্বীয়বাৰৰ বাবে এছএছপি ৰ'জী কলিতাৰ নেতৃত্বত আজি পুনৰ গৈছে এছআইটিৰ দলটো। শ্যামকানু মহন্তৰ গীতা নগৰস্থিত বাসগৃহত পুনৰ উপস্থিত চিআইডিৰ এটা দল। এছএছপি ৰ'জী কলিতাৰ নেতৃত্বত আজি পুনৰ গৈছে এছএছপি ৰ দলটো।

শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত আজিও পুৱাৰে পৰা মোতায়েন কৰা হৈছিল আৰক্ষী। হাতে-হাতে লাঠী লৈ টহল আৰক্ষীৰ।গীতানগৰ, সাতগাঁও, নুনমাটি, প্ৰাগজ্যোতিষপুৰ আদি থানাৰ আৰক্ষী মোতায়ন। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে কৰা হৈছে এই ব্যৱস্থা।

উল্লেখযোগ্য যে, কালিও শ্যামকানু মহন্তৰ বাসগৃহত চলিছিল এছআইটিৰ অভিযান। অভিযানৰ সময়ত মহন্তৰ ঘৰত যথেষ্ট পৰিমাণৰ নগদ ধন জব্দ কৰা হয়। লগতে শ্যামকানু মহন্তৰ ঘৰৰ পৰা জব্দ কৰা হয় বহু আপত্তিজনক সামগ্ৰী। বৃহস্পতিবাৰে এছআইটিৰ দলে প্ৰায় ৬ ঘণ্টা ধৰি মহন্তৰ ঘৰত অভিযান চলায়।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande