গুৱাহাটী, ২৬ ছেপ্তেম্বৰ(হি.স.)। দিল্লীত অধিবক্তাৰ কাষ চাপিল শ্যামকানু মহন্ত। অগ্ৰিম জামিনৰ বাবে শ্যামকানু মহন্তৰ তৎপৰতা আৰম্ভ।অধিবক্তাৰ জৰিয়তে সংগ্ৰহ কৰিলে এজাহাৰৰ প্ৰতিলিপি।
গুৱাহাটীৰ শ্যামকানু মহন্তৰ বাসগৃহত এছআইটিৰ অভিযানত জব্দ কৰা সামগ্ৰীৰ তালিকাও সংগ্ৰহ কৰিলে অধিবক্তাই। দিল্লীৰ অধিবক্তা গৰাকীৰ নাম অনিতা চাৰণ।
উল্লেখযোগ্য় যে অসমত সদৌ অসম উকিল সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সকলোৰ কোনো গোচৰৰ ওকালিত নকৰে বুলি ইতিমধ্যে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ