গুৱাহাটী, ২৬ ছেপ্টেম্বৰ (হি.স.)। ৰাজধানীৰ পাণ্ডু-মালিগাঁও অঞ্চলৰ সৰ্ববৃহৎ আৰু জনপ্ৰিয় দুৰ্গা পূজা ৰেষ্ট কেম্প কালিবাৰী পূজাই ৭৭ বছৰত ভৰি দিছে। প্ৰতি বছৰৰ দৰে দূৰ-দূৰণিৰ পৰা অহা দৰ্শনাৰ্থী আহি এই পূজাৰ সাক্ষী হৈ পৰিব। পাণ্ডু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলবাসীৰ বাবে এই পূজা কেৱল ধৰ্মীয় উদযাপন নহয়, সামাজিক বন্ধন, সংস্কৃতি, ভক্তি আৰু আনন্দৰ সংগম।
পূজা সমিতিৰ সভাপতি অমল চৌধুৰী আৰু সাধাৰণ সম্পাদক অমিত ৰায়ে এইবাৰৰ পূজাৰ বাজেট ₹৬০ লাখ বুলি উল্লেখ কৰে। পূজাৰ বিষয়বস্তু ময়ুৰ প্ৰাসাদ হিচাপে বাছনি কৰা হৈছে। পেণ্ডেলৰ ভিতৰত নৱদুৰ্গাৰ মূৰ্তি স্থাপন কৰা হ’ব, আৰু বাহিৰত ময়ুৰ শিল্পকৰ্ম সৃষ্টি কৰা হ’ব। চন্দনগৰৰ প্ৰখ্যাত শিপিনী মৃণ্ময় ঘোষক পণ্ডল নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পেণ্ডেলৰ সজ্জাৰ বাবে প্ৰায় ১৫ লাখ টকা খৰচ হ’ব। এই গ্ৰেণ্ড থিমে দৰ্শকক মোহিত কৰিব বুলি কমিটীয়ে বিশ্বাস কৰে।
এইবাৰ দুৰ্গা মূৰ্তিত পৰম্পৰাগত শৈলী প্ৰতিফলিত হ’ব। পশ্চিম বংগৰ হুগলী জিলাৰ ভাস্কৰ্য শিল্পী কাশীনাথ পালে এই মূৰ্তিটো সৃষ্টি কৰিছে। তেওঁৰ সৃষ্টিয়ে পুৰণি পৰম্পৰাগত মূৰ্তিসমূহৰ সৌন্দৰ্য্য আৰু স্বকীয়তাক ধৰি ৰাখিব। এই মূৰ্তি নিৰ্মাণৰ ব্যয় হ’ব প্ৰায় ৪ লাখ টকা।
ৰেষ্ট কেম্প কালিবাৰী দুৰ্গা পূজাৰ আন এক উল্লেখযোগ্য দিশ হ’ল এই বৃহৎ মেলা। পূজাৰ দিনটোৰ পৰা আৰম্ভ হোৱা এই মেলাখনে কেৱল পাণ্ডু অঞ্চলৰেই নহয়, আশে-পাশে থকা অঞ্চলৰ পৰাও আকৰ্ষণ কৰে। আনকি বাহিৰৰ দল-সংগঠনেও অংশগ্ৰহণ কৰিব। শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে দোলনা আৰু গেম ষ্টলৰ লগতে সুস্বাদু খাদ্যৰ ব্যৱস্থা কৰা হ’ব। শিশুসকলৰ বাবে বিশেষ আকৰ্ষণ হ’ব। দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে সংগঠিত পাৰ্কিঙৰ ব্যৱস্থাও কৰা হ’ব।
পূজা পণ্ডলৰ পোহৰৰ কাম চম্ভালিব পশ্চিম বংগৰ চন্দননগৰৰ প্ৰখ্যাত পোহৰৰ শিল্পী বাপন ইলেক্ট্ৰনিকছে। তেওঁৰ সজ্জাই সমগ্ৰ পেণ্ডেলক জীৱন্ত কৰি তুলিব। পশ্চিমবংগৰ বেলুৰ মঠৰ পৰা অহা ঢকীয়া সকলে বজোৱা ধাকৰ তালে পূজাৰ আনন্দ আৰু অধিক বৃদ্ধি কৰিব। ধাকৰ শব্দই পূজাৰ পৰিবেশ সম্পূৰ্ণ কৰে, আৰু এই পৰম্পৰা এই বছৰো চলি থাকিব।
নিৰাপত্তাৰ ব্যৱস্থাতো বিশেষ গুৰুত্ব দিয়া হৈছে। চৰকাৰী নিয়ম মানি পণ্ডালত চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব, লগতে ব্যক্তিগত নিৰাপত্তা বাহিনীও নিয়োগ কৰা হ’ব। সমগ্ৰ চৌহদত কটকটীয়া নিৰাপত্তা বজাই ৰখা হ’ব যাতে ভক্তসকলে কোনো চিন্তা-চৰ্চা নোহোৱাকৈ পূজা উপভোগ কৰিব পাৰে।
এইবাৰ পঞ্চম দিনাৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা। দুৰ্গা দেৱীৰ ৰূপ উন্মোচন কৰিব এজন বিশিষ্ট ব্যক্তিয়ে, যাৰ ফলত এই পূজাৰ তাৎপৰ্য আৰু অধিক বৃদ্ধি পাব।
প্ৰতি বছৰৰ দৰেই এই পূজাৰ স্মৃতিগ্ৰন্থত প্ৰখ্যাত লেখক, কবি, গল্পকাৰৰ ৰচনা প্ৰদৰ্শিত হ’ব। স্মৃতিগ্ৰন্থখনৰ দায়িত্বত আছে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যিক দীপক ভদ্ৰা। স্থানীয় লোকে এই পদক্ষেপৰ শলাগ লৈছে, কিয়নো ইয়াত ভক্তি আৰু ধৰ্মৰ লগতে সাহিত্য, সংস্কৃতি, আৰু সামাজিক মূল্যবোধৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
ৰেষ্ট কেম্প কালিবাৰী পূজা বৃহৎ বাজেট আৰু ভৱিষ্যৎ উদযাপনৰ বাবে বিখ্যাত হোৱাৰ বিপৰীতে শেহতীয়া বছৰবোৰত নতুন প্ৰজন্মৰ পণ্ডালৰ দ্বাৰা আয়োজিত সৰু বাজেটৰ পূজাও বৈচিত্ৰময় বিষয়বস্তু আৰু সৃষ্টিশীলতাৰে জনপ্ৰিয়তা লাভ কৰিছে। এই উদ্ভাৱনসমূহে বৃহৎ অনুষ্ঠানসমূহকো প্ৰত্যাহ্বান জনাইছে।
ৰেষ্ট কেম্প কালিবাৰী ৰাজহুৱা দুৰ্গা পূজা কেৱল পাণ্ডু-মালিগাঁও অঞ্চলৰ বাবেই নহয়, সমগ্ৰ গুৱাহাটীত পূজাপ্ৰেমীসকলৰ বাবে এক বিশেষ আকৰ্ষণ। এইবাৰৰ থিম, শিল্প, আলোক, আৰু ভাস্কৰ্য্যৰ সংমিশ্ৰণে পূজাক এক ঐতিহাসিক অনুভৱ দিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া