নগাঁও, ২৬ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ কচুৱাত সংঘটিত হৈছে ধৰ্ষনৰ ঘটনা ৷ ১০ বছৰীয়া এগৰাকী শিশু ৬০ বছৰীয়া বৃদ্ধৰ ধৰ্ষণৰ বলি হয় ৷ লম্পট বৃদ্ধটো আব্দুল মতিন বুলি পৰিচয় পোৱা গৈছে ৷ কালি সন্ধ্যা ১০ টকা দিম বুলি মাতি নি ঘৰৰ কাষত থকা বিদ্যালয়ৰ চৌহদত সংঘটিত কৰে জঘন্য ঘটনাটো ৷
স্থানীয় ৰাইজে অচেতন অৱস্থাত শিশু গৰাকীক উদ্ধাৰ কৰি লম্পট আব্দুল মতিনক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ৷ ইতিমধ্যে কচুৱা আৰক্ষীয়ে লম্পটোত জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু