নগাঁও, ২৬ ছেপ্টেম্বৰ (হি.স.)। প্ৰতিজন অসমীয়াৰ প্ৰাণৰ স্পন্দন, হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ পিছতে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী। শোকত ম্ৰিয়মান ৰাজ্যবাসীয়ে মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুষ্ঠিত কৰি আহিছে শোকসভা। সমান্তৰালভাৱে ৰহাৰ ডিমৌস্থিত উৰণীয়া সেঁতুৰ খুটাত শিল্পী গৰাকীৰ স্মৃতিত অংকন কৰা গৈছে তেওঁৰ প্ৰতিচ্ছবি।
ডিমৌৰ দিগন্ত পাটৰ নামৰ লোকজনৰ প্ৰচেষ্টাত উৰণ সেঁতুখনৰ প্ৰতিটো খুটাতে অংকন কৰা হ'ব জুবিন দাৰ প্ৰতিচ্ছবি ইয়াৰ লগতে নিৰ্মাণ কৰা হ'ব এগছি অক্ষয় বন্তি। চিত্ৰশিল্পী চন্দন কলিতা আৰু তেওঁৰ সহযোগী সকলেও কোনোধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈ অংকন কৰিছে এই প্ৰতিচ্ছবি সমূহ।মৰমৰ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বাবে সকলোৱে দিগন্ত পাটৰ আৰু শিল্পী সকলৰ শলাগ লৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা