জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত নাহৰৰ গছ-পুলি ৰোপন
ডিব্ৰুগড়, ২৬ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত নাহৰৰ গছ-পুলি ৰোপন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত আজি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত ১০০ জোপা নাহৰৰ গছ-পুলি ৰোপন কৰে চেপনৰ পদ্মধৰ দত্ত নামৰ এজন
জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত নাহৰৰ গছ-পুলি ৰোপন


ডিব্ৰুগড়, ২৬ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত নাহৰৰ গছ-পুলি ৰোপন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত আজি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত ১০০ জোপা নাহৰৰ গছ-পুলি ৰোপন কৰে চেপনৰ পদ্মধৰ দত্ত নামৰ এজন ব্যক্তিয়ে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জীতেন হাজৰিকাই বিশ্ববিদ্যালয়ৰ শিক্ষক আবাসৰ চৌহদত শুভাৰম্ভ কৰা নাহৰ পুলি ৰোপনৰ কাৰ্যসূচীত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চেপনৰ এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে খ্যাত পৰমেশ্বৰ দত্তই অসমৰ বিভিন্ন প্ৰান্তত অভিলেখ সংখ্যক গছ-পুলি ৰোপন কৰিছে। তেওৰ এই অভিযানৰ আজিৰ এই কাৰ্যসূচী জুবিন গাৰ্গৰ নামত সমৰ্পন কৰি বিশ্ববিদ্যালয় চৌহদত ১০০ জোপা নাহৰ গছৰ পুলি ৰোপন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande