নলবাৰী, ২৬ ছেপ্টেম্বৰ (হি.স.)। অসমীয়াৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ নলবাৰীত তিনিটা ৰাজহুৱা সিদ্ধান্তৰ কথা ঘোষণা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। নলবাৰী চহৰত জুবিন গাৰ্গৰ নামত স্থাপন কৰা হ'ব নগৰীয়া বন উদ্যানৰ লগতে শিল্পী গৰাকীৰ এটা পূৰ্ণাৱয়ৱৰ প্ৰতিমূৰ্তি। ইফালে নলবাৰী চহৰত থকা পূৰ্ব ভাৰতীৰ লগত সংলগ্ন কৰি জুবিন গাৰ্গৰ গীতৰ এটি সংগ্ৰহালয়ো স্থাপন কৰাৰ কথা ঘোষণা কৰি মন্ত্ৰী গৰাকীয়ে সংগ্ৰহালয়টোত জুবিন গাৰ্গে বিভিন্ন ভাষাত পৰিবেশন কৰা ৩৮ হাজাৰ গীত ডিজিটেলি সংৰক্ষণ কৰা হ'ব বুলি মন্তব্য কৰে।
আনহাতে শিল্পী গৰাকীৰ এমহীয়া মৃত্যু তিথিত নগৰীয়া বন উদ্যানত তেওঁৰ চিতাভস্ম ৰাখি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলিয়ো মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মন্ত্ৰী গৰাকীৰ স্পষ্ট মত জুবিন গাৰ্গৰ এই মৃত্যুত যি দোষী সি কোনো পধ্যে সাৰি নাযায় । ইপিনে জুবিনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত জুবিনৰ একান্ত সহযোগী বঙ্কিম মেধি, দীপক দাস আদিয়েও কৰিব সহযোগ।আনহাতে আজি নলবাৰীত দূৰ্গা পূজা উদযাপন সমিতিক চৰকাৰী অনুদান প্ৰদান কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা