গোৱালপাৰা, ২৬ ছেপ্টেম্বৰ (হি.স.): গোৱালপাৰাৰ মাটিয়াত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড ঘটনা। চুৰিৰে হানি খুচি হত্যা কৰিলে এজনক। ঘটনাৰ পাছতে উত্তেজিত অচিনাকি লোকে অগ্নিসংযোগ কৰে হত্যাকাৰীৰ বাসগৃহ।
নিহত যুৱকজনৰ নাম মাটিয়া থানাৰ অন্তৰ্গত বামুনপাৰাৰ খবিৰুল ইছলাম বুলি জানিব পৰা গৈছে । আনহাতে হত্যাকাৰী ঋতু হালৈৰ ঘৰ বাকাইটাৰীত।কালি সন্ধিয়া মাটিয়া বজাৰত সংঘটিত হয় এই হত্যাকাণ্ড ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ