কানাড়া লেখক এছ.এল. ভীৰাপ্পা পঞ্চভূতত বিলীন
মহীশূৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। কানাড়া সাহিত্যৰ কিংবদন্তি লেখক, ঔপন্যাসিক, দাৰ্শনিক, চিত্ৰনাট্যকাৰ এছ.এল. ভীৰাপ্পা শুকুৰবাৰে পঞ্চভূতত বিলীন হয়। তেওঁৰ অন্ত্য়েষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে আৰু হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন কৰা হৈছিল। কানাড
Slb


Slb


মহীশূৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। কানাড়া সাহিত্যৰ কিংবদন্তি লেখক, ঔপন্যাসিক, দাৰ্শনিক, চিত্ৰনাট্যকাৰ এছ.এল. ভীৰাপ্পা শুকুৰবাৰে পঞ্চভূতত বিলীন হয়। তেওঁৰ অন্ত্য়েষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে আৰু হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন কৰা হৈছিল।

কানাড়া সাহিত্য জগতৰ এজন অধ্যৱসায়ী, বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, সৰস্বতী সন্মান লাভ কৰা, পদ্মভূষণ লাভ কৰা ড° এছ.এল. ভীৰাপ্পাৰ অন্ত্য়েষ্টিক্ৰিয়া চামুণ্ডী পাহাৰৰ পাদদেশত থকা শ্মশানস্থলীত ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত সকলো যথাযথ সন্মান আৰু ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰা হয়। তেওঁৰ কন্যা সাহানা বিজয়কুমাৰে প্ৰথমে মৃতদেহটোক শ্ৰদ্ধাঞ্জলি জনায়, তাৰ পিছতে তেওঁৰ দুই পুত্ৰ ৰবি শংকৰ আৰু উদয় শংকৰে শ্ৰদ্ধা নিবেদন কৰে ।

অন্ত্য়েষ্টিক্ৰিয়াৰ পূৰ্বে ব্ৰাহ্মণ (হিন্দু) পৰম্পৰা অনুসৰি ভীৰাপ্পাৰ শৰীৰত ত্ৰিৰংগা পতাকা মেৰিয়াই ৰাজ্যিক সন্মান প্ৰদান কৰা হৈছিল। ইয়াৰ পিছতে পুলিচ বেণ্ডে সংগীত বজায় আৰু ৰাষ্ট্ৰীয় পতাকা প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হয়।

অন্ত্যেষ্টিক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো গণ্যমান্য ব্যক্তিৰ লগতে মন্ত্ৰী প্ৰহ্লাদ যোশী, ৰাজ্যিক মন্ত্ৰী এইচ.চি. মহাদেৱপ্পা, কে ভেংকটেশ, আৰু প্ৰাক্তন সাংসদ প্ৰতাপ সিমহা উপস্থিত থাকে । কেন্দ্ৰীয় মন্ত্ৰীসকলেও ভীৰাপ্পাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সঁচাকৈয়ে, এছ.এল. ভীৰপ্পা কানাড়া সাহিত্য জগতৰ এগৰাকী সাহিত্যিক প্ৰতিভাশালী আছিল যুৱক-যুৱতীসকলৰ মাজত সাহিত্যৰ মনোভাৱ জাগ্ৰত কৰাত সফল হৈছিল। দীৰ্ঘদিনীয়া সাহিত্য জীৱনৰ সময়ছোৱাত তেওঁ কানাড়া সাহিত্য জগতলৈ অসংখ্য ৰচনাৰ অৱদান আগবঢ়াইছিল, য'ত আছিল ২৫খন উপন্যাস, ৬খন ৰচনা সংকলন আৰু ১খন আত্মজীৱনী। তেওঁৰ উপন্যাসৰ আধাৰত চাৰিখন ছবিও নিৰ্মাণ কৰা হৈছে। তেওঁৰ কিছুমান উপন্যাস ৪০টা ভাষালৈ অনুবাদ হৈছে।

দশক দশক ধৰি কানাড়া সাহিত্য জগতখনক আলোকিত কৰা ভীৰাপ্পাৰ বিয়োগত সাহিত্য জগতখনে ইয়াক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোক প্ৰকাশ কৰিছে। ইফালে মহীশূৰত ভীৰাপ্পাৰ স্মৃতিত এখন স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande