২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান


গোলাঘাট, ২৬ ছেপ্টেম্বৰ (হি.স.): ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ পূৰ্বে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ, হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক মৃণাল শইকীয়াকে প্ৰমুখ্য কৰি বন বিভাগৰ শীৰ্ষ বিষয়া সকলে।

কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু বিধায়ক মৃণাল শইকীয়াৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোনালী ঘোষৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম বনাঞ্চলৰ বাগৰি ৰেঞ্জত আজি পুৱা ৭-৩০ বজাত আনুষ্ঠানিক ভাবে পূজা সমাপন কৰি জীপ চাফাৰী শুভাৰম্ভ কৰে। বাগৰি বনাঞ্চলৰ ডোঙা বন শিবিৰত সৌৰশক্তি চালিত এটি খোৱাপানীৰ সুবিধা কেন্দ্ৰ উদ্বোধন কৰে সাংসদগৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande