নগাঁও, ২৬ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ জুৰীয়াত পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় যুৱতীৰ মৃতদেহ। এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱতী গৰাকী হোজাইৰ ন খুটিৰ ২১ বছৰীয়া মেহনাজ বেগম বুলি জানিব পৰা গৈছে।
দুদিন পূৰ্বে জুৰীয়াৰ কাষৰিৰ ভিনীহিয়েক জাহাঙ্গীৰ আলমৰ ঘৰলৈ ফুৰিবলৈ আহিছিল যুৱতী গৰাকী। যোৱাকালি বৃহস্পতিবাৰে নিশা ৭ মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতী গৰাকী। আজি পুৱা ভিনিহিয়েকৰ ঘৰৰ কাষৰ পুখৰীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে যুৱতী গৰাকীক। কিদৰে পানীত পৰি যুৱতীগৰাকীৰ মৃত্যু হ'ল তাক লৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।
জাহাঙ্গীৰ আলমৰ ঘৰৰ লোকৰ ভাষ্য অনুসৰি যুৱতী গৰাকীৰ ছিজাৰ ৰোগত আক্ৰান্ত আছিল । ঘটনা স্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱতী গৰাকীৰ মৃতদেহ। দণ্ডাধীশৰ উপস্থিতিত মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁৱলৈ প্ৰেৰণ কৰাৰ ব্য়ৱস্থা কৰে। সম্প্ৰতি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ,আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাব ঘটনাৰ আঁৰৰ ৰহস্য।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা