-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চেম্পিয়নছ অৱ চেঞ্জ বঁটা
নতুন দিল্লী, ২৬ ছেপ্টেম্বৰ (হি.স)। ভাৰতত বাল্যবিবাহৰ ঘটনা ঐতিহাসিক হ্ৰাস পোৱা দেখা গৈছে। ছোৱালীৰ মাজত বাল্যবিবাহ ৬৯ শতাংশ আৰু ল’ৰাৰ মাজত ৭২ শতাংশ হ্ৰাস পাইছে। অসমত সৰ্বাধিক সফলতা লাভ কৰি ৮৪ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু বিহাৰত ৭০ শতাংশকৈ হ্ৰাস পাইছে, ৰাজস্থানত ৬৬ শতাংশ আৰু কৰ্ণাটক ৫৫ শতাংশ হ্ৰাস পাইছে।
নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এক পাৰ্শ্বীয় অনুষ্ঠানত প্ৰকাশ পোৱা জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন (জে আৰ চি)ৰ প্ৰতিবেদন টিপিং পইণ্ট টু জিৰ': এভিডেন্স টুৱাৰ্ডছ এ চাইল্ড মেৰেজ-ফ্ৰী ইণ্ডিয়াত প্ৰকাশ পাইছে।
প্ৰতিবেদন অনুসৰি গ্ৰেপ্তাৰ আৰু এফ আই আৰ বাল্য বিবাহৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰতিৰোধক হিচাপে প্ৰমাণিত হৈছে। ইয়াৰ উপৰিও প্ৰকাশ পাইছে যে কেন্দ্ৰীয় চৰকাৰৰ বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ বিষয়ে ৯৯ শতাংশ লোকে শুনিছে বা দেখিছে, য’ত বেচৰকাৰী সংস্থা, বিদ্যালয়, পঞ্চায়তসমূহে সৰ্বাধিক অৰিহণা যোগাইছে।
অসমৰ ঐতিহাসিক সফলতাৰ স্বীকৃতি স্বৰূপে জে আৰ চিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চেম্পিয়নছ অৱ চেঞ্জ বঁটা ঘোষণা কৰে। প্ৰতিবেদন অনুসৰি বিহাৰৰ ৯৩ শতাংশ, মহাৰাষ্ট্ৰৰ ৮৯ শতাংশ, অসমৰ ৮৮ শতাংশ লোকে এন জি অ’ৰ অভিযানৰ জৰিয়তে এই অভিযানৰ বিষয়ে জানিব পাৰিছিল, আনহাতে ৰাজস্থান (৮৭ শতাংশ) আৰু মহাৰাষ্ট্ৰত (৭৭ শতাংশ) বিদ্যালয়সমূহে সজাগতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস আছিল।
বাল্যবিবাহৰ আটাইতকৈ উল্লেখযোগ্য কাৰণ হিচাপে দৰিদ্ৰতাক উল্লেখ কৰা হৈছে, আনহাতে ৪৪ শতাংশই ইয়াক নাবালক ছোৱালীৰ সুৰক্ষাৰ বাবে বুলি কয় আৰু কিছুমানে ইয়াক সামাজিক পৰম্পৰাৰ সৈতে জড়িত বুলি কয়। দৰিদ্ৰতা (৮৮ শতাংশ), আন্তঃগাঁথনিৰ অভাৱ (৪৭ শতাংশ), নিৰাপত্তা (৪২ শতাংশ), আৰু পৰিবহণ (২৪ শতাংশ)ক ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ বাধা হিচাপে চিনাক্ত কৰা হৈছিল।
প্ৰতিবেদনৰ মূল পৰামৰ্শসমূহৰ ভিতৰত আছে বাল্য বিবাহ আইন কঠোৰভাৱে বলবৎ কৰা, বাধ্যতামূলক বিবাহ পঞ্জীয়ন, উন্নত প্ৰতিবেদন ব্যৱস্থাৰ বিকাশ, আৰু শিশু বিবাহ মুক্ত ভাৰত পৰ্টেল গাঁও পৰ্যায়লৈ সম্প্ৰসাৰণ। ইয়াৰ উপৰিও শিশু বিবাহ বিৰোধী ৰাষ্ট্ৰীয় দিৱস ঘোষণা কৰাৰ পৰামৰ্শ দিয়া হৈছিল। জে আৰ চিৰ প্ৰতিষ্ঠাপক ভুৱন ৰিভুৱে কয় যে ভাৰত বাল্যবিবাহৰ অন্ত পৰাৰ ওচৰ চাপিছে, আৰু এয়া কেৱল বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কৃতিত্বই নহয়, বাল্যবিবাহৰ অন্ত পেলোৱাটো যে সম্ভৱপৰ আৰু অনিবাৰ্য সেই কথা বিশ্ববাসীৰ বাবেও প্ৰমাণ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া