গুৱাহাটী, ২৬ ছেপ্টেম্বৰ(হি.স.)। নৱৰাত্ৰি উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে প্ৰথম মহিলা কুমুদ দেৱীয়ে আজি শক্তিপীঠ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে।
ভ্ৰমণৰ সময় চোৱাত ৰাজ্যপাল গৰাকীয়ে দেশৰ অন্যতম শক্তি পীঠ কামাখ্য়া মন্দিৰ দেৱালয়ত প্ৰাৰ্থনা কৰাৰ লগতে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিলে। তেওঁ অসমৰ সকলো নাগৰিকৰ মংগল, সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে নৱৰাত্ৰি উপলক্ষে ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
ৰাজ্যপাল গৰাকীয়ে আশা প্ৰকাশ কৰে যে মা কামাখ্যাৰ ঐশ্বৰিক শক্তিয়ে জনসাধাৰণক পথ প্ৰদৰ্শন আৰু সুৰক্ষা দি থাকিব, সমগ্ৰ ৰাজ্যতে শান্তি, সমৃদ্ধি আৰু সম্প্ৰীতি কঢ়িয়াই আনিব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ