চামগুৰিৰ পেনাইত ভয়ংকৰ অগ্নিকাণ্ড
চামগুৰিৰ পেনাইত ভয়ংকৰ অগ্নিকাণ্ড।
চামগুৰিৰ পেনাইত ভয়ংকৰ অগ্নিকাণ্ড


নগাঁও, ২৬ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ পেনাইত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । ছয় খন ব্যৱসায়ী প্ৰতিষ্ঠান ভস্মীভূত হয় এই অগ্নিকাণ্ডত।

কাচেম আলী নামৰ ব্য়ৱসায়ীজনৰ হোটেলত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ফুটি সংঘটিত হৈছে এই অগ্নিকাণ্ড। ফাৰ্মাচী, ধানৰ গুডাম, ৰাসায়নিক সাৰৰ বিপনী অগ্নিৰ কৱলত পৰে। অগ্নিকাণ্ডৰ ফলত ৫০ লাখ টকাৰো অধিক লোকচান হয়। ঘটনা স্থলীত পাঁচ খন অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনা স্থলীত খাটুৱাল আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande