বৰ্ষীয়ান সাহিত্যিক পুণ্য শইকীয়ালৈ ২০২৫ বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা
শিৱসাগৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। বৰ্ষীয়ান সাহিত্যিক পুণ্য শইকীয়ালৈ ২০২৫ বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা। ৰাজ্যৰ অন্যতম বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা। অসমৰ প্ৰথমগৰাকী ডক্টৰেট ড০
বৰ্ষীয়ান সাহিত্যিক পুণ্য শইকীয়ালৈ ২০২৫ বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা


শিৱসাগৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। বৰ্ষীয়ান সাহিত্যিক পুণ্য শইকীয়ালৈ ২০২৫ বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা। ৰাজ্যৰ অন্যতম বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা।

অসমৰ প্ৰথমগৰাকী ডক্টৰেট ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিয়ে প্ৰদান কৰি অহা এই বঁটা শিৱসাগৰ প্ৰেছ ক্লাৱত শুক্ৰবাৰে আয়োজিত এক গাম্ভীর্য পূৰ্ণ অনুষ্ঠানত সাহিত্যিকগৰাকীক প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত পৌৰহিত্য কৰে বিশিষ্ট কবি প্ৰেম গগৈয়ে।

অনুষ্ঠানৰ আৰম্ভণিতে ড০ ময়িদুল ইছলাম বড়া আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানটিত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰাৰ উপৰিও পূণ্য শইকীয়াক ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা অৰ্পণ কৰে। অনুষ্ঠানত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande