ছত্তীশগড়ত ৰাহেজা আৰু চুলতানিয়া গ্ৰুপৰ লগতে অন্যান্য ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ইডিৰ
ৰায়পুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। শুকুৰবাৰে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ আৰু বিলাসপুৰৰ একাংশ বিশিষ্ট ব্যৱসায়ীৰ চৌহদত ইডিৰ দলে অভিযান চলায়। আজি পুৱা ব্যৱসায়ীকেইজনৰ স্থানত উপস্থিত হোৱা ইডিৰ দলটোৱে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে। আজি পুৱা ইডিৰ দলটোৱে দু
छत्तीसगढ़ में ईडी  की कार्रवाई


ৰায়পুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। শুকুৰবাৰে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ আৰু বিলাসপুৰৰ একাংশ বিশিষ্ট ব্যৱসায়ীৰ চৌহদত ইডিৰ দলে অভিযান চলায়। আজি পুৱা ব্যৱসায়ীকেইজনৰ স্থানত উপস্থিত হোৱা ইডিৰ দলটোৱে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে।

আজি পুৱা ইডিৰ দলটোৱে দুখন ইনোভা গাড়ীৰে ৰায়পুৰৰ জৱাহৰ মাৰ্কেটত অৱস্থিত ৰাহেজা গ্ৰুপৰ সঞ্চালক সঞ্জয় ৰাহেজাৰ ঘৰ আৰু কাৰ্যালয়ত উপস্থিত হৈ নথি-পত্ৰ আৰু ইলেক্ট্ৰনিক ডিভাইচ (মোবাইল ফোন আৰু লেপটপ) পৰীক্ষা কৰি আছে। সঞ্জয়, হৰিশ আৰু আন এজন ভাতৃ তিনিজন পিতৃ-মাতৃৰ লগত থাকে।

চৰকাৰী সূত্ৰই জনোৱা মতে, ইডিৰ দলটোৱে বিলাসপুৰৰ মীনাক্ষী চেলছ আৰু চুলতনিয়া গ্ৰুপতো অভিযান চলায়। বিলাসপুৰ চহৰৰ মীনাক্ষী চেলছ আৰু চুলতানিয়া গ্ৰুপৰ পৰিদৰ্শন কৰি এটা দলে তদন্ত অব্যাহত ৰাখিছে। এই কাৰ্য্য সুৰা কোম্পানীটোৰ ষ্টক এক্সচেঞ্জ আৰু কয়লা কেলেংকাৰীৰ সৈতে জড়িত বুলি কোৱা হৈছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande