(লিড) ৰাষ্ট্ৰসংঘক বেলুচিস্তানত হস্তক্ষেপ কৰিবলৈ আহ্বান মীৰ ইয়াৰ বালোচৰ
- বেলুচিস্তান গণৰাজ্যৰ খনিজ সম্পদৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে চুক্তিত উপনীত হোৱা আমেৰিকাক দেখুৱাইছে দাপোন কুৱেটা, ২৬ ছেপ্টেম্বৰ (হি.স.)। বেলুচিস্তানৰ স্বাধীনতা আন্দোলনৰ বিশিষ্ট নেতা মীৰ য়াৰ বালোচে কয় যে বেলুচিস্তান গণৰাজ্যৰ সীমান্ত বাহিনী হাই এলাৰ্
11cfc897acaf480b320bb309cb13421d_574533451.jpg


- বেলুচিস্তান গণৰাজ্যৰ খনিজ সম্পদৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে চুক্তিত উপনীত হোৱা আমেৰিকাক দেখুৱাইছে দাপোন

কুৱেটা, ২৬ ছেপ্টেম্বৰ (হি.স.)। বেলুচিস্তানৰ স্বাধীনতা আন্দোলনৰ বিশিষ্ট নেতা মীৰ য়াৰ বালোচে কয় যে বেলুচিস্তান গণৰাজ্যৰ সীমান্ত বাহিনী হাই এলাৰ্টত আছে। দেশৰ ভ্ৰাম্যমাণ প্ৰব্ৰজন ব্যৱস্থা সক্ৰিয় কৰা হৈছে। পাকিস্তানৰ আগ্ৰাসী স্থিতিৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পাকিস্তানৰ অবৈধ অনুপ্ৰৱেশ আৰু আগ্ৰাসনে আমাৰ সীমান্তলৈ ভাবুকি কঢ়িয়াই আনিছে। মীৰ ইয়াৰ বালোচে ৰাষ্ট্ৰসংঘৰ শীঘ্ৰে হস্তক্ষেপৰ আহ্বান জনাইছে।

শুকুৰবাৰে মিৰ ইয়াৰ বালোচে এক্স-পোষ্টত লিখিছে, “পাকিস্তানৰ অবৈধ অনুপ্ৰৱেশ আৰু আগ্ৰাসনৰ পৰা আমাৰ সীমান্ত ৰক্ষা কৰাত সহায় কৰিবলৈ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানক বেলুচিস্তানত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।” বেলুচ নেতাগৰাকীয়ে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতিও চুবুৰীয়া দেশসমূহৰ দৃষ্টি আকৰ্ষণ কৰে। মীৰ ইয়াৰে কয় যে ১৯৪৭ চনৰ পৰা বেলুচিস্তানত বাস কৰা সকলো অবৈধ পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে নাগৰিকত্ব, বৈধ নথি-পত্ৰ বা উপযুক্ত ভিছা অবিহনে তৎক্ষণাত দেশ এৰি যাব লাগিব। তেওঁলোকৰ অকৰ্তৃত্বশীল অৱস্থানে আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম উলংঘা কৰে আৰু বেলুচিস্তানৰ সাৰ্বভৌমত্বক ক্ষতিগ্ৰস্ত কৰে।

মীৰ য়াৰ বালোচে বেলুচ জাতিটোক একত্ৰিত হ’বলৈ আহ্বান জনাই পঞ্জাৱ প্ৰদেশৰ বেলুচ অঞ্চলসমূহ—ডেৰা গাজী খান, তৌনছা শ্বৰীফ, জেকবাবাদ, আৰু খানপুৰ—য’ত ১৮ শতিকাৰ পৰাই গোৰ্চানী, লিঘৰী, ড্ৰেছক, আৰু মাজাৰীৰ দৰে সংখ্যাগৰিষ্ঠ বেলুচ জনগোষ্ঠীয়ে বাস কৰি আহিছে, সেই অঞ্চলসমূহ শীঘ্ৰে ঘূৰাই অনাৰ দাবী জনায়। তেওঁ কয় যে ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিসমূহে এই অঞ্চলটোক বিভাজিত কৰি এক সংযুক্ত বেলুচিস্তানক দুৰ্বল কৰি তুলিছিল। বেলুচিস্তান গণৰাজ্যই এতিয়াও এই অঞ্চলসমূহক পঞ্জাব প্ৰদেশ আৰু পাকিস্তানৰ আধিপত্যৰ পৰা সম্পূৰ্ণৰূপে মুক্ত বুলি গণ্য কৰে।

তেওঁ উল্লেখ কৰে যে পষ্টুন আৰু সিন্ধী সম্প্ৰদায়ক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তৎক্ষণাত সিন্ধ আৰু পষ্টুনিস্তানলৈ উভতি যাবলৈ অনুমতি দিয়া হৈছে। বালোচে জোৰ দি কয় যে আমাৰ সীমান্তৰ ভিতৰত পাকিস্তানী বাহিনীৰ উপস্থিতিয়ে অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি প্ৰত্যক্ষ আৰু গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। পাকিস্তানী সেনা আঁতৰি যোৱাটোৱেই উত্তম আৰু বেলুচিস্তানৰ সম্পদৰ অবৈধ শোষণ তৎক্ষণাত বন্ধ কৰিব লাগিব।

ইয়াৰ পূৰ্বে মিৰ ইয়াৰ বালোচে শেহতীয়াকৈ ২৫ ছেপ্টেম্বৰত এক্স-প’ষ্টত বেলুচিস্তানৰ খনিজ সম্পদ সন্দৰ্ভত আমেৰিকা আৰু পাকিস্তানৰ মাজত হোৱা চুক্তিক তীব্ৰ সমালোচনা কৰিছিল। তেওঁ উল্লেখ কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুৰ্নীতিগ্ৰস্ত পাকিস্তানী জেনেৰেলৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰি হেৰুৱা ঘোঁৰাৰ ওপৰত বাজি ধৰিছে।

মীৰ ইয়াৰে লিখিছে, বেলুচিস্তানৰ খনিজ পদাৰ্থৰ সন্দৰ্ভত দুৰ্নীতিগ্ৰস্ত পাকিস্তানী সেনাপতিৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৰা চুক্তি হেৰুৱা ঘোঁৰাৰ ওপৰত বাজি ধৰা আৰু অসাৰ উদ্যোগত বিনিয়োগ কৰাতকৈ কম নহয়। অসীম মুনীৰ আৰু শ্বাহবাজ শ্বৰীফে ড'নাল্ড ট্ৰাম্পক বিৰল খনিজ পদাৰ্থ উলিওৱাৰ বিষয়ে ভুৱা আশ্বাস দি থকাৰ সময়তে বেলুচ স্বাধীনতা সংগ্ৰামী আৰু প্ৰতিৰক্ষা বাহিনীয়ে সেই খনিজ সমৃদ্ধ অঞ্চলসমূহৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ঘোষণা কৰিছিল, পাকিস্তানৰ মিছা কথা অপমানজনকভাৱে উদঙাই দিছে।

মীৰ য়াৰ বালোচে ছ’চিয়েল মিডিয়া পোষ্টত কয় যে যোৱা নিশা বেলুচ প্ৰতিৰক্ষা আৰু নিৰাপত্তা ইউনিটে ৰাষ্ট্ৰীয় ঘাইপথত চেকপইণ্ট স্থাপন কৰি দুখন গুৰুত্বপূৰ্ণ জিলা চুৰাব আৰু কালাটৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে। দখলদাৰী সেনাৰ দুখন বাহনৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী জব্দ কৰে। বালোচে কয় যে এইটোৱেই প্ৰমাণ যে বেলুচ আন্দোলনে শক্তি লাভ কৰিছে আৰু দখলদাৰী ফেডাৰেল সেনাই ফলপ্ৰসূ নিয়ন্ত্ৰণ হেৰুৱাইছে।

আমেৰিকাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি তেওঁ ট্ৰাম্পক পাকিস্তানৰ পৰিৱৰ্তে খনিজ সম্পদৰ প্ৰকৃত মালিকৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ দ্বাৰা পাৰস্পৰিক সন্মান, দীৰ্ঘম্যাদী অংশীদাৰিত্ব, আৰু অঞ্চলটোৰ উন্নত ভৱিষ্যত গঢ়ি তোলাৰ একমাত্ৰ উপায়। বালোচে কয় যে প্ৰতাৰক পাকিস্তানে আৰম্ভণিৰে পৰা বিশ্বক প্ৰতাৰণা কৰাৰ বাহিৰে একো যোগান ধৰা নাই, যিটো সত্যক আমেৰিকাৰ সামৰিক প্ৰধান, ৰাজনীতিবিদ, আনকি স্বয়ং ট্ৰাম্পেও বাৰে বাৰে আলোকপাত কৰি আহিছে।

বালোচে লিখিছে, পাকিস্তানে বিগত সময়ত সদায় আমেৰিকাৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আহিছে। ভৱিষ্যতেও তেনেকৈয়ে কাম কৰি যাব। তেওঁ আমেৰিকাক অন্ধকাৰত ৰাখি পঞ্জাৱ আৰু ইছলামবাদৰ স্বাৰ্থহে ৰক্ষা কৰিব। আমেৰিকাৰ স্বাৰ্থৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। বেলুচৰ নেতা মিৰ ইয়াৰে খনিজ চুক্তি বিবেচনা কৰা চৰকাৰ আৰু নিগমসমূহক পৰামৰ্শ দিছে যে বেলুচৰ সন্মতি অবিহনে এনে যিকোনো প্ৰচেষ্টা অবৈধ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande