ধুবুৰী, ২৬ ছেপ্টেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ দৌৰাত্ম অব্য়াহত আছে। অ'ভাৰ লোডেড আৰু চালান বিহিন বল্ডাৰ ভৰ্তি ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে বন বিভাগে অভিযান চলায়।
বহলপুৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলা এক আকস্মিক অভিযানত জব্দ কৰা হয় দুখনকৈ চালান বিহিন বল্ডাৰ ভৰ্তি ডাম্পাৰ। জব্দকৃত ডাম্পাৰ দুখনৰ নম্বৰ ক্ৰমে এনএল ০১ এজে ৪৯৭৯ আৰু এএছ ২৬ চি ৯৩১১ বুলি জানিব পৰা গৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা