বীৰ লাচিত সেনাৰ ৩ জন সদস্যক খটখটি আৰক্ষীৰ গ্ৰেপ্তাৰ
বীৰ লাচিত সেনাৰ ৩ জন সদস্যক খটখটি আৰক্ষীয়ে গ্ৰেপ্তাৰ।
বীৰ লাচিত সেনাৰ ৩ জন সদস্যক খটখটি আৰক্ষীৰ গ্ৰেপ্তাৰ


কাৰ্বি আংলং, ২৬ ছেপ্টেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানৰ লাহৰিজান অঞ্চলৰ ২খন ব্যক্তিগত হোটেলত ধন দাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ ৩ জন সদস্যক খটখটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তসকল অবৈধভাৱে সুৰা বিক্ৰী কৰি আছিল বুলি অভিযোগ উত্থাপিত হৈছে।

আৰক্ষীয়ে আটক কৰে — বীৰ লাচিত সেনাৰ সভাপতি দিলীপ গগৈ, সম্পাদক কিৰণ বৰা আৰু অজয় চন্দ্ৰ দাস। অভিযোগ অনুসৰি, অভিযুক্তসকলে এখন হোটেলত গৈ, হোটেলটোৰ পৰা পোন প্ৰথমে ১০,০০০ টকা দাবী কৰি মাহে ৩,০০০ টকা ধন দাবি কৰা বুলি অভিযোগ উথাপন কৰিছে হোটেলৰ মালিকে। ইয়াৰোপৰি, অধিক ধন নিদিলে ভয় দেখুৱাই হুমকি দিয়াৰ কথাও অভিযোগ উঠিছে।অবৈধভাৱে সুৰা বিক্ৰী আৰু ধন দাবীৰ বিষয়ে অভিযোগ পোৱাৰ পাছত খটখটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ঘটনা সন্দৰ্ভত তৎপৰতাৰে অভিযান চলাই অভিযুক্ত ৩ জনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই ঘটনাই বীৰ লাচিত সেনাৰ সামাজিক ভাবমূর্তিত প্ৰশ্ন উত্থাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande