পাথাৰকান্দিত পকী বেৰত অংকন জুবিন গাৰ্গ'ৰ প্ৰতিচ্ছবি
শ্ৰীভূমি, ২৫ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এগৰাকী জুবিন অনুৰাগীয়ে পকী বেৰত অংকন কৰিলে জুবিন গাৰ্গ''ৰ প্ৰতিচ্ছবি। অসমৰ হীয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এই কথাষাৰ যেন আজিৰ তাৰিখতো জুবিন অনুৰাগীয়ে মনৰ পৰা মানি ল
পাথাৰকান্দিত পকী বেৰত অংকন জুবিন গাৰ্গ'ৰ প্ৰতিচ্ছবি


শ্ৰীভূমি, ২৫ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এগৰাকী জুবিন অনুৰাগীয়ে পকী বেৰত অংকন কৰিলে জুবিন গাৰ্গ'ৰ প্ৰতিচ্ছবি। অসমৰ হীয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এই কথাষাৰ যেন আজিৰ তাৰিখতো জুবিন অনুৰাগীয়ে মনৰ পৰা মানি ল'ব পৰা নাই। আজিও যেন প্ৰতি গৰাকী অসম বাসীৰ মাজত জুবিন জীয়াই আছে । জুবিন গাৰ্গ'ৰ মৃত্যুৰ পিছৰে পৰাই গোটেই ৰাজ্যজুৰি একপ্ৰকাৰ শোকৰ ছাঁ। সকলোৰে চকুত চকুলো।

তেনে অৱস্থাত বহুতে প্ৰিয় শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে । পাথাৰকান্দিৰ ৰাজাৰ গাওঁ আদিত্য ৰাজকুমাৰ নামৰ এগৰাকী যুৱকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে জুবিন গাৰ্গ'ৰ। ২০১৮ চনৰ ৩১ মাৰ্চ তাৰিখে দিছপুৰত আদিত্য ৰাজকুমাৰ নামৰ যুৱক জনৰ বাহন দুৰ্ঘটনাত পতিত হৈছিল। তেনে সময়ত গাড়ীৰ দুৱাৰ এন্টি লক হৈ আদিত্য আৱদ্ধ হৈ পৰিছিল গাড়ীৰ ভিতৰত, আৰু সেইদিনা জুবিন গাৰ্গে যুৱক গৰাকীক উদ্ধাৰ কৰিছিল গাড়ীৰ ভিতৰৰ পৰা । সেই দিনটোৰে পৰা আদিত্য হৈ পৰিছিল জুবিন অনুৰাগী।

বৰ্তমানে আদিত্য এগৰাকী ট্যাটু আৰ্টিষ্ট, আৰু জুবিন অনুৰাগী এই যুৱকে পাথাৰকান্দি চহৰৰ এখন পকী বেৰত জুবিন গাৰ্গ'ৰ প্ৰতিচ্ছবি বনাই প্ৰিয় শিল্পী গৰাকীক জনাইছে শেষ শ্ৰদ্ধা । আদিত্য ৰাজকুমাৰে পকী বেৰত অংকন কৰা জুবিন গাৰ্গ'ৰ এই প্ৰতিচ্ছবিত আন বহুতে জনাইছে শ্ৰদ্ধাঞ্জলি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande