বৰপেটাত এগৰাকী অনুৰাগী জুবিন ভক্ত আৰক্ষীয়ে নিজৰ বুকুত অংকন কৰিলে হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি
বৰপেটা, ২৫ ছেপ্টেম্বৰ (হি.স.)। আজিও শোকাভিভূত হৈ আছে ৰাজ্যবাসী। স্বাভিমানী অসমীয়া অমৃত পুত্ৰ অসম প্ৰাণ জুবিন গাৰ্গ পঞ্চভূতত বিলীন হোৱাৰ পিছত আজিও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী। আৰক্ষীয়ে কান্দি কান্দি কৰিছে কৰ্তব্য সম্পাদন। ইয়াৰ মাজতেই এগৰাকী অন
বৰপেটাত এগৰাকী অনুৰাগী জুবিন ভক্ত আৰক্ষীয়ে নিজৰ বুকুত অংকন কৰিলে হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি


বৰপেটা, ২৫ ছেপ্টেম্বৰ (হি.স.)। আজিও শোকাভিভূত হৈ আছে ৰাজ্যবাসী। স্বাভিমানী অসমীয়া অমৃত পুত্ৰ অসম প্ৰাণ জুবিন গাৰ্গ পঞ্চভূতত বিলীন হোৱাৰ পিছত আজিও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী। আৰক্ষীয়ে কান্দি কান্দি কৰিছে কৰ্তব্য সম্পাদন। ইয়াৰ মাজতেই এগৰাকী অনুৰাগী জুবিন ভক্ত আৰক্ষীয়ে নিজৰ বুকুত অংকন কৰিলে হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ।

মই জুবিনৰ দেশৰ মানুহ, মই জুবিনৰ যুগৰ মানুহ এনেদৰে মন্তব্য কৰি অনুৰাগীয়ে বুকুত অংকন কৰিলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ।এই গৰাকী লোকে এইদৰে বুকুত অংকন কৰিলে জুবিন গাৰ্গক। এজন শিল্পীক কিমান ভাল পালে অনুৰাগীয়ে নিজৰ শৰীৰত এনেদৰে অংকন কৰিব পাৰে প্ৰিয় শিল্পীৰ ছবি ।

জুবিন অনুৰাগী এগৰাকী চি আই ডিত কৰ্তব্যৰত বৰপেটাৰ আৰক্ষী জোৱান। বৰপেটা জিলাৰ চেঙা গাঁৱৰ তৰুচন্দ্ৰ তালুকদাৰ পুত্ৰ কংকন তালুকদাৰে নিজৰ বুকুত এনেদৰে অংকন কৰিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি । আৰক্ষী জোৱান কংকন তালুকদাৰ বৰ্তমান গুৱাহাটীস্থিত অপৰাধ অনুসন্ধান শাখাত কৰ্মৰত বুলি জানিব পৰা গৈছে। এইয়াই হৈছে জুবিনময় অসমৰ প্ৰতিচ্ছবি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande