তামুলপুৰত কাৰ্বন শূণ্য দুৰ্গাপূজা, তামুলপুৰ জিলা প্ৰশাসনৰ দুৰ্গাপূজা উপলক্ষে নিৰ্দেশনা জাৰি
তামুলপুৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। সমাগত শাৰদীয় দুৰ্গাপূজা উপলক্ষে তামুলপুৰ জিলা প্ৰশাসনে পৰিৱেশ-অনুকূল দুৰ্গাপূজা পালনত বিশেষভাৱে গুৰুত্ব দিছে‌। জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে জিলাখনৰ পূজা সমিতিসমূহলৈ এই সন্দৰ্ভত কিছু নীতি-নিৰ্দেশনা আ
তামুলপুৰত কাৰ্বন শূণ্য দুৰ্গাপূজা, তামুলপুৰ জিলা প্ৰশাসনৰ দুৰ্গাপূজা উপলক্ষে নিৰ্দেশনা জাৰি


তামুলপুৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। সমাগত শাৰদীয় দুৰ্গাপূজা উপলক্ষে তামুলপুৰ জিলা প্ৰশাসনে পৰিৱেশ-অনুকূল দুৰ্গাপূজা পালনত বিশেষভাৱে গুৰুত্ব দিছে‌। জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে জিলাখনৰ পূজা সমিতিসমূহলৈ এই সন্দৰ্ভত কিছু নীতি-নিৰ্দেশনা আগবঢ়াইছে। কাৰ্বন-শূণ্য দুৰ্গাপূজা সন্দৰ্ভত জিলা দণ্ডাধীশ গৰাকীয়ে আগবঢ়োৱা কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ এনেধৰণৰ― ষষ্ঠীৰ দিনা তুলসী, নিম, বৰগছ আদিকে ধৰি ১০টাতকৈ অধিক গছৰ পুলি সমিতিসমূহে ৰোপণ কৰিব লাগিব, যাতে পৰিৱেশ সংৰক্ষণত সহায় হয়। সপ্তমীৰ দিনা প্ৰতিটো পূজা সমিতিয়ে শাক-পাচলি, ফুল আদিৰ বীজ অথবা গছৰ পুলি ভক্ত সকলক বিতৰণ কৰিব লাগিব, যাতে কাৰ্বন নিউট্ৰেল পূজাৰ ধাৰণাটো বহুলভাৱে প্ৰচাৰ হয়‌।

পৰিৱেশ-অনুকূল বেনাৰ আৰু ফ্লেক্স ব্যৱহাৰ কৰি “কাৰ্বন শূণ্য দুৰ্গাপুজা”ৰ চিহ্ন আৰু ল'গ' প্ৰতিটো পূজা মণ্ডপত প্রদৰ্শন কৰিব লাগিব। সকলো পূজা মণ্ডপ প্লাষ্টিক-মুক্ত অঞ্চল হিচাপে গঢ়ি তুলিব লাগিব। বাঁহ, মৰাপাট আদি জৈৱ-পচনীয় সামগ্ৰী ব্যৱহাৰ কৰি পূজা মণ্ডপৰ সাজসজ্জা প্ৰস্তুত কৰাৰ উপৰি জিলাখনৰ তামুলপুৰ আৰু গোৰেশ্বৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক স্কুল সমূহৰ শিক্ষাৰ্থী সকলৰ মাজত সেউজীয়া থীম ব্যৱহাৰ কৰি শিল্পকৰ্ম প্ৰস্তুত কৰি পূজা মণ্ডপ সমূহত যাতে প্ৰদৰ্শন কৰিব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈ দিয়া হৈছে।

প্ৰতিমা তথা মণ্ডপত হালধি, নিম, বীট, পিঁয়াজ আদিৰ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব লাগিব। কাৰ্বন-শূণ্য দুৰ্গাপূজা থীম হিচাপে লৈ অসম গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত পূজা মণ্ডপ সমূহত ৰংগুলি প্ৰতিযোগিতাৰ আয়োজন কৰিব লাগিব। ইয়াত কেৱল প্ৰাকৃতিক ৰং বা সামগ্ৰীহে ব্যৱহাৰ কৰিব পাৰিব। বাঁহ, মৰাপাট আদিৰে প্ৰস্তুত কৰা ডাষ্টবিন ব্যৱহাৰ কৰিব লাগিব। প্ৰসাদ আৰু ভোগ বিতৰণৰ বাবে কলপাত আদিৰ দৰে জৈৱ-পচনীয় সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব। বিজুলী শক্তি সঞ্চয়ৰ বাবে এল ই ডি বাল্ব ব্যৱহাৰ কৰিব লাগিব আৰু আই বসুমতীৰ বন্দনাৰে চাৰিটা বিশেষ মন্ত্ৰস্থানীয় শিল্পীৰ হতুৱাই ৰেকৰ্ড কৰি পূজা মণ্ডপত বজাব লাগিব ইত্যাদি।

এইবোৰৰ সমান্তৰালভাৱে প্লাষ্টিকৰ ব্যৱহাৰ, ৰাসায়নিক ৰং বা দ্ৰব্যৰ ব্যৱহাৰ, পানী তথা খাদ্যৰ অপচয়, শব্দ প্ৰদূষণ, অতিৰিক্ত আলোকসজ্জা আদি নকৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে। প্ৰতিমা বিসৰ্জন আবেলি ৫ বজাৰ ভিতৰত সম্পন্ন কৰিব লাগিব বুলিও কোৱা হৈছে। উল্লেখ্য যে পূজা সম্পৰ্কীয় বিতং নিয়মাৱলী ইতিমধ্যে পূজা সমিতি সমূহলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰিছে। পূজা সমিতি সমূহৰ উপৰি ভক্ত সকলকো কাৰ্বন শূণ্য দুৰ্গাপুজা উদযাপন কৰিবলৈ বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande