নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। আজি একেৰাহে দ্বিতীয় দিনৰ বাবে বিশ্বৰ মূলধনীজাত বজাৰত দুৰ্বলতাৰ লক্ষণ দেখা গৈছে। পূৰ্বৰ অধিবেশনত লোকচানৰ সৈতে বন্ধ হৈছিল আমেৰিকাৰ বজাৰ। অৱশ্যে আজি ডাউ জ’নছ ফিউচাৰ্ছে লাভৰ সৈতে ব্যৱসায় কৰিছে। ইউৰোপৰ বজাৰত পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। এছিয়াৰ বজাৰতো আজি মিশ্ৰিত ব্যৱসায় চলি আছে।
পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত বিক্ৰীৰ চাপ অব্যাহত থকাৰ ফলত ৱাল ষ্ট্ৰীটৰ সূচকাংকসমূহ একেৰাহে দ্বিতীয় দিনটোৰ বাবে লোকচানৰ সৈতে বন্ধ হৈ পৰে। এছ এণ্ড পি ৫০০ সূচকাংক ০.২৮ শতাংশ হ্ৰাস পাই ৬,৬৩৭.৯৮ পইণ্টত বন্ধ হয়। একেদৰে নাছডাকে পূৰ্বৰ অধিবেশনৰ অন্ত পেলাইছিল ২২,৪৯৭.৮৬ পইণ্টত, যিটো ০.৩৪ শতাংশ হ্ৰাস পাইছে। ইফালে, ডাউ জ’নছ ফিউচাৰ্ছ১১৪.৭৮ পইণ্ট বা ০.২৫ শতাংশ বৃদ্ধিৰে বৰ্তমান ৪৬,২৩৬.০৬ পইণ্টত ব্যৱসায় কৰিছে।
পূৰ্বৰ অধিবেশনত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। এফ টি এছ ই সূচকাংক ০.২৯ শতাংশ বৃদ্ধি পাই ৯,২৫০.৪৩ পইণ্টত বন্ধ হয়। একেদৰে ডিএএক্স সূচকাংক ০.২৩ শতাংশ বৃদ্ধি পাই ২৩,৬৬৬.৮১ পইণ্টত বন্ধ হয়। আনহাতে, চিএচি সূচকাংক ০.৫৭ শতাংশ হ্ৰাস পাই ৭,৮২৭.৪৫ পইণ্টত বন্ধ হয়।
এছিয়াৰ বজাৰসমূহতো আজি মিশ্ৰিত ব্যৱসায় দেখা গৈছে। এছিয়াৰ ৯টা বজাৰ সূচকাংকৰ ভিতৰত পাঁচটা ৰঙা ৰঙৰ, চাৰিটা সেউজীয়া ৰঙত ব্যৱসায় কৰিছিল। হেং চেং সূচকাংক ১৪৭.৩৫ পইণ্ট বা ০.৫৬ শতাংশ বৃদ্ধি পাই ২৬,৬৬৬ পইণ্টত ব্যৱসায় কৰে। একেদৰে এছ এণ্ড পি ৫০০ কম্পোজিট ইনডেক্স ০.৫৬ শতাংশ বৃদ্ধি পাই ১২৮৫.৬১ পইণ্টত উপনীত হয়। নিকেই সূচকাংকৰ মূল্য ১২৭.৬৯ পইণ্ট বা ০.২৮ শতাংশ বৃদ্ধিৰে ৪৫,৭৫৮ পইণ্টত আৰু চাংহাই কম্পোজিট সূচকাংকৰ মূল্য ০.১৬ শতাংশ বৃদ্ধিৰে ৩,৮৫৯.৬২ পইণ্টত ব্যৱসায় কৰিছে।
আনহাতে, গিফ্ট নিফটিৰ মূল্য ০.০৯ শতাংশ হ্ৰাস পাই ২৫,০৯৬.৫০ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.২১ শতাংশ হ্ৰাস পাই ৪,২৮১.১৯ পইণ্ট হৈছে। তদুপৰি জাকাৰ্টা কম্পোজিট সূচকাংকৰ মূল্য ০.৪৩ শতাংশ হ্ৰাস পাই ৮,০৯১.৫৮ পইণ্টত, টাইৱান ওজনযুক্ত সূচকাংকৰ মূল্য ০.২২ শতাংশ হ্ৰাস পাই ২৬,১৪০.৩৯ পইণ্টত আৰু কস্পিৰ মূল্য ০.১৬ পইণ্ট হ্ৰাস পাই ৩,৪৭১.৯৮ পইণ্টত ব্যৱসায় কৰা দেখা পোৱা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া