তামুলপুৰ, ২৫ ছেপ্টেম্বৰ (হি.স.): যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা বিটিচি নিৰ্বাচনৰ ভোটগণনা কাইলৈ, অৰ্থাৎ ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। তদুপলক্ষে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীৰ উপস্থিতিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌহদত আজি এখন সভা অনুষ্ঠিত হয়। সভাত প্ৰাৰ্থীসকলৰ প্ৰতিনিধিসকলো উপস্থিত আছিল।
বেলট পেপাৰত কোনটো ভোট বৈধ, কোনটো অবৈধ, কি কাৰণত ভোটটো নাকচ হ'ব পাৰে অথবা কিয় গ্ৰহণযোগ্য হ'ব আদি সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয়। লগতে সভাত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে ২৯ নং শুক্লাই ছেৰফাং (জনজাতি) সমষ্টিৰ ভোটগণনা ১০খন টেবুলত হোৱাৰ বিপৰীতে বাকী চাৰিটা সমষ্টিৰ ভোটগণনা ১৪খন টেবুলত হ'ব। লগতে এই ভোটগণনা ৭টা ৰাউণ্ডত সমাপ্ত হ'ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব যদিও বিষয়া-কৰ্মচাৰীসকলক ৬.৩০ বজাতে উপস্থিত হ'বলৈ জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে আহ্বান জনাইছে। আজিৰ সভাখনত জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীকে ধৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ