প্ৰধানমন্ত্ৰীৰ ইউ পি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী উদ্বোধন
গৌতম বুদ্ধ নগৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ উদ্যোগসমূহক বিশ্বব্যাপী মঞ্চ প্ৰদানৰ লক্ষ্যৰে ইউ পি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী ২০২৫ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়। আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এই ট্ৰেড শ্ব’। উদ্যোগীসকলক
यूपी इंटरनेशनल ट्रेड शो का भारत के प्रधानमंत्री नरेंद्र मोदी ने किया उद्घाटन


গৌতম বুদ্ধ নগৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ উদ্যোগসমূহক বিশ্বব্যাপী মঞ্চ প্ৰদানৰ লক্ষ্যৰে ইউ পি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী ২০২৫ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়। আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এই ট্ৰেড শ্ব’। উদ্যোগীসকলক সম্বোধন কৰাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ষ্টল পৰিদৰ্শন কৰে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীক আদৰণি জনাই ফিৰোজাবাদৰ শিল্পীসকলে নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ কাঁচৰ প্ৰতিমূৰ্তি প্ৰদান কৰে।

এক্সপ’ মাৰ্টৰ ১০টা হলত অনুষ্ঠিত হৈছে এই প্ৰদৰ্শনী। প্ৰায় ২৫০০ কোম্পানীয়ে ষ্টল স্থাপন কৰি নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। এই ট্ৰেড শ্ব’ত ভাৰত আৰু বিদেশৰ পৰা বৃহৎ সংখ্যক ক্ৰেতাই আকৰ্ষণ কৰিছে। উদ্বোধনী অনুষ্ঠানত সাংসদ ড° মহেশ শৰ্মা, মন্ত্ৰী নন্দ গোপাল নন্দী আৰু ৰাকেশ শচনৰ লগতে উত্তৰ প্ৰদেশৰ কেইবাজনো মন্ত্ৰী, সাংসদ, আৰু উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দেশীয় অংশীদাৰ হৈছে ৰাছিয়া।

আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে উল্লেখ কৰে যে বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ৫ হাজাৰ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে, আৰু নিৰাপত্তাজনিত কাৰণত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আজি বিশিষ্ট অতিথিৰ আগমনৰ বাবে ড্ৰোন, বেলুন, ৰিম’ট কণ্ট্ৰ’ল কৰা মাইক্ৰ’লাইট বিমান, পেৰাগ্লাইডাৰ আদি উৰণৰ ওপৰত ২৪ ঘণ্টীয়া সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা বুধবাৰে মাজনিশাৰ পৰা বৃহস্পতিবাৰে পুৱা ১২ বজালৈকে কাৰ্যকৰী হৈ থাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande