গোলাঘাট, ২৫ ছেপ্টেম্বৰ (হি.স.): শাৰদীয় দুৰ্গা উৎসবলৈ মাজত মাথোঁ দুটামান দিন। দেৰগাঁও কেন্দ্ৰীয় দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। লগতে ৰাইজলৈ দিয়ে এক বিশেষ বাৰ্তা।
জুবিনে যিহেতু বাদ্যযন্ত্ৰৰ ভিতৰৰ গীটাৰ খন মঞ্চত গীত পৰিবেশন কৰোতে প্ৰায়েই বজাইছিল, সেইবাবে এইবাৰ দেৰগাঁও ৰাজহুৱা পূজা মণ্ডপ ভাগ গীটাৰৰ আকাৰ দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। আৰু লগতে মহান শিল্পী তথা অসম বাসীৰ প্ৰাণ জুবিন গাৰ্গৰ অকাল বিয়োগৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গ উৎসৱৰ কাৰ্যসূচী সীমিত কৰাৰ সিদ্ধান্ত লয় উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ