নগৰবেৰাৰ হেকৰাত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত
কামৰূপ, ২৫ ছেপ্তেম্বৰ (হি.স.)। নগৰবেৰাৰ হেকৰাত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাৰুতি অল্টো আৰু বাইকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত দুজন লোক গুৰুতৰ ভাৱে আহত হয়। আহত বাইক আৰোহী হাইদৰ আলী আৰু তমছেৰ আলীক স্থানীয় লোকে ততাতৈয়াকৈ হেকৰা ৰাজ্যিক চিকিৎ
নগৰবেৰাৰ হেকৰাত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত


কামৰূপ, ২৫ ছেপ্তেম্বৰ (হি.স.)। নগৰবেৰাৰ হেকৰাত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাৰুতি অল্টো আৰু বাইকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত দুজন লোক গুৰুতৰ ভাৱে আহত হয়। আহত বাইক আৰোহী হাইদৰ আলী আৰু তমছেৰ আলীক স্থানীয় লোকে ততাতৈয়াকৈ হেকৰা ৰাজ্যিক চিকিৎসালয়লৈ নি ভৰ্ত্তি কৰায়। আঘাত গুৰুতৰ হোৱা বাবে দুয়োজনকে সংকটজনক অৱস্থাত জিএমচিএইছ লৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাত পতিত মাৰুতি অল্টোখনৰ নম্বৰ এএছ ০১ এফএক্স ০৮৮৯ বুলি জানিব পৰা গৈছে। অন্যহাতে বাইকখনৰ নম্বৰ জানিব পৰা হোৱা নাই। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande