দৰং, ২৫ ছেপ্টেম্বৰ (হি.স.)। মাজবাটত কাইলৈ শুকুৰবাৰে সপ্তাহিক বজাৰ অনুষ্ঠিত হ'ব বুলি মঙলবৰীয়া সাপ্তাহিক বজাৰ পৰিচালনা সমিতিৰ ঘোষণা ।
মাজবাটত অহা কালি সাপ্তাহিক বজাৰ অনুষ্ঠিত হ'ব বুলি ঘোষনা মঙলবৰীয়া সাপ্তাহিক বজাৰ পৰিচালনা সমিতিৰ । বিগত ২৩ ছেপ্তেম্বৰত মাজবাটৰ এক মাত্ৰ মঙলবৰীয়া সাপ্তাহিক বজাৰ খন জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বজাৰ বন্ধ ৰখাৰ কাৰনে বৃহত্তৰ মাজবাট অঞ্চলৰ জনতাই শাৰদীয় দূৰ্গা পূজাৰ বজাৰ কৰিব নোৱাৰাত সাপ্তাহিক বজাৰ পৰিচালনা সমিতিয়ে প্ৰশাসনৰ সৈতে আলোচনা কৰি অহা কালি শুকুৰবাৰে বজাৰ খন অনুষ্ঠিত হ'ব বুলি মঙলবৰীয়া সাপ্তাহিক বজাৰ পৰিচালনা সমিতিয়ে ঘোষণা কৰে।
লগতে পৰিচালনা সমিতিয়ে ৰাঙাপাৰা,ঠেলামাৰা,ঢেকিয়াজুলি,মিছামাৰী ,চিৰাজুলি,বৰছলা, লালপুল,বেছিমাৰী,ৰৌতা, ওদালগুৰি,টংলা, ওৰাং আদি অঞ্চলৰ ব্যৱসায়ী সকলক অহা কালি হ'ব লগা বজাত আহিবলৈ অনুৰোধ জনায় বজাৰ পৰিচালনা সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু