নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২ অক্টোবৰৰ পৰা আৰম্ভ হবলগা দুখন মেচৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে বৃহস্পতিবাৰে ঘোষণা কৰে যে ১৫ জনীয়া ভাৰতীয় দল। আঘাতৰ বাবে ঋষভ পন্তক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই।
শুভমন গিলক পুনৰবাৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ঋষভ পন্তৰ অনুপস্থিতিত উপ-অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৰবীন্দ্ৰ জাডেজাই। ইংলেণ্ডৰ শৃংখলাত ভৰিৰ আঙুলিৰ ভাঙনৰ ফলত সুস্থ হৈ উঠিবলৈ দলৰ পৰা আঁতৰি আছে পণ্ট। ধ্ৰুৱ জুৰেল আৰু এন জগদীছন দলৰ উইকেটকীপাৰ বেটছমেন দুজন। বিশ্বৰ ১ নং বলাৰ জছপ্ৰিত বুমৰাহক দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ৰেডবল ক্ৰিকেটৰ পৰা ছমাহৰ বিৰতি লৈ থকা শ্ৰেয়াছ আয়াৰ দলৰ অংশ নহ’ব। ২-৬ অক্টোবৰৰ পৰা আহমেদাবাদত আৰম্ভ হ’ব এই শৃংখলা আৰু দ্বিতীয়খন টেষ্ট ১০-১৪ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব।
ভাৰতীয় দলটো এনেধৰণৰ-
শুভমন গিল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পডিক্কল, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাডেজা (উপ অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, জস্প্ৰিত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ ৰেড্ডী, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, কুলদীপ যাদৱ, আৰু নাৰায়ণ জগদীচন।
हिन्दुस्थान समाचार / অৰৱিন্দ