তামুলপুৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ মাৰিয়মপুৰত নিশা কেবাটাও পৰিয়ালৰ ঘৰ বাৰী বনৰীয়া হাতীৰ জাকে ভাঙি চিঙি তচনচ কৰাত ব্যাপক ক্ষতিসাধন হয়। জানিব পৰা মতে মাৰিয়মপুৰৰ গেৰ্বাচিশ চৰেনৰ বাসগৃহ ভাঙি চিঙি তহিলং কৰাৰ উপৰিও বাৰীৰ তামোল নাৰিকলৰ ব্যাপক ক্ষতিসাধন কৰে লগতে গাঁৱখনৰ লুইচ হাজদাৰ পথাৰৰ ধান খেতি খাই তহিলং কৰি বিস্তৰ ক্ষতি কৰে।
আনহাতে ২৪ ছেপ্টেম্বৰৰ নিশাও হাতীডুবাত বিমল মুৰ্মু নামৰ ব্যক্তিৰ ঘৰ দুৱাৰ ভাঙিছে। অকল এয়াই নহয় সীমান্তত এতিয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে৷ ভুটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটি হাতীৰ জাকৰ পৰা এটা হাতী ফালৰি কাটি গাঁৱত প্ৰৱেশ কৰি এনেদৰে ঘৰ দুৱাৰ ভাঙি পেলায় ৷ ভাৰত - ভূটান সীমান্তত এনেদৰেই হাতীৰ জাকে আশ্ৰয় গ্ৰহণ কৰি নিশা হলেই জনাঞ্চলত প্ৰৱেশ কৰে৷ খাদ্যৰ সন্ধানত নামনিত প্ৰবেশ কৰি নিশা হলেই হাতীয়ে গাঁৱত প্ৰৱেশ কৰি ঘৰবাৰ খেতিবাতিৰ অনিষ্ট সাধন কৰি আহিছে ৷ হাতীৰ প্ৰৱেশত গাঁৱৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে । সীমান্ত অঞ্চলত নিশা হ’লেই বনবিভাগ আৰু স্থানীয় ৰাইজ তথা বেচৰকাৰী সংস্থাৰ লোক সকলে পহৰা দি আহিছে যদিও কোনো ফল ধৰা নাই ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা