বেকাজানত অবৈধ কাঠসহ গাড়ী এখন জব্দ
বেকাজানত DI অবৈধ কাঠৰ গাড়ী এখন জব্দ৷
বেকাজানত অবৈধ কাঠসহ গাড়ী এখন জব্দ


কাৰ্বি আংলং, ২৫ ছেপ্টেম্বৰ (হি.স.): অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানত অবাধ বন ধ্বংস যজ্ঞ অব্যাহত আছে ৷ বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগত দিনদুপৰতে মূল্যবান শাল, চেগুণকে ধৰি মূল্যবান গছ কাটি তহিলং কৰিছে বন মাফিয়াই৷ এই সকলো বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱা পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত সোণোৱালে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷ সোণোৱালৰ নেতৃত্বত চলা অভিযানত যোৱাকালি বিয়লি বিভাগত এএছ ০৩ চিচি ৫৭৩২ নম্বৰৰ ডিআই গাড়ী এখন অবৈধ কাঠৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় । বেকাজান পানীখেতিৰ পৰা যোৰহাটলৈ নি থকা অৱস্থাত আৰক্ষীয়ে গাড়ীখন জব্দ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande