কলগাছিয়াৰ বলাইপাথাৰত বেঁকী তাণ্ডৱ
কলগাছিয়াৰ বলাইপাথাৰত বেঁকী তাণ্ডৱ।
কলগাছিয়াৰ বলাইপাথাৰত বেঁকী তাণ্ডৱ


বৰপেটা, ২৫ ছেপ্টেম্বৰ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ বলাইপাথাৰত বেঁকী তাণ্ডৱ অব্যাহত আছে । গৰাখহনীয়াত জাহ গৈছে এটাৰ পিছত এটাকৈ পৰিয়ালৰ ঘৰ বাৰী।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেকী নৈৰ গৰাখহনীয়াই ৰূদ্ৰ ৰূপ ধাৰণ কৰিছে। ক্ৰমাৎ মানচিত্ৰৰ পৰা নিচ্ছিন্ন হ'বলৈ গৈছে এটাৰ পিছত আনটো গাওঁ। চৰকাৰ কিম্বা জনপ্ৰতিনিধি কাৰো যেন খৱৰ ল'বলৈ আহৰি নাই। অতিশীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ চৰকাৰ জনপ্ৰতিনিধিলৈ কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande