ধিঙৰ কটহগুৰি অঞ্চলত ধুমুহাই তচনচ কৰিলে ঘৰদুৱাৰ, দোকান-পোহাৰ আৰু গছ-গছনি
ধিঙৰ কটহগুৰি অঞ্চলত ধুমুহাই তচনচ — ঘৰদুৱাৰ, দোকান-পোহাৰ আৰু গছ-গছনিৰ বৃহৎ ক্ষতি।
ধিঙৰ কটহগুৰি অঞ্চলত ধুমুহাই তচনচ কৰিলে ঘৰদুৱাৰ, দোকান-পোহাৰ আৰু গছ-গছনি


নগাঁও, ২৫ ছেপ্টেম্বৰ (হি.স.): বৃহত্তৰ টুকটুকীৰ কটহগুৰি অঞ্চলত যোৱাকালি বুধবাৰে বিয়লি অহা এটা প্ৰচণ্ড ধুমুহাই এক মিনিটৰ ভিতৰতে সমগ্ৰ অঞ্চল তচনচ কৰি গ'ল। অতি স্বল্প সময়ৰ এই ধুমুহাই অঞ্চলটোৰ বহু ঘৰদুৱাৰ, দোকান-পোহাৰ আৰু বৈদ্যুতিক সংযোগ ক্ষতিগ্ৰস্ত কৰাৰ লগতে বহু গছ-গছনি উগালী পেলাই বৃহৎ আৰ্থিক ক্ষতি সাধন কৰে।

স্থানীয় লোকে ধুমুহাৰ আকস্মিকতাত আতংকিত হৈ পৰিলেও সৌভাগ্যবশতঃ কোনো জীৱহানিৰ সংবাদ পোৱা হোৱা নাই। ধুমুহাৰ ফলত অঞ্চলটোৰ বিদ্যুৎ যোগান বিৰত হোৱাৰ লগতে যাতায়াত ব্যৱস্থাতো সাময়িক বিঘ্ন সৃষ্টি হৈছে। স্থানীয় বাসিন্দা আৰু দোকান-মালিকসকলে শীঘ্ৰে ক্ষতিগ্ৰস্ত স্থানসমূহ পুনৰ সংস্থাপন কৰাৰ চেষ্টা আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande