বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান কেৱল তেওঁৰ ছবিৰ বাবেই নহয় ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামা দখল কৰি আছে। ৫৯ বছৰ বয়সত অবিবাহিত ছলমানে এতিয়া প্ৰকাশ কৰিছে নিজৰ মনৰ ইচ্ছা। শেহতীয়াকৈ তেওঁ কাজোল আৰু টুইংকল খান্নাৰ টক শ্ব' টু মাচ উইথ কাজল এণ্ড টুইংকল খান্নাৰ প্ৰথম খণ্ডত অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। কথা-বতৰাৰ সময়ত ছলমানে প্ৰকাশ কৰে যে যদিও তেওঁ এতিয়াও বিয়া হোৱা নাই, তথাপিও তেওঁ অতি সোনকালে পিতৃ হোৱাৰ আকাংক্ষা কৰিছে।
শ্ব'টোৰ সময়ত ছলমান খানে পিতৃ হোৱাৰ ইচ্ছা প্ৰকাশ কৰি কয় যে, মোৰ নিশ্চয় সন্তান হ'ব, আৰু অতি সোনকালে। এদিন মই নিশ্চিতভাৱে পিতৃ হ'ম। ইয়াৰ পিছত কি হ'ব সেয়া সময়ে ক'ব। তেওঁ নিজৰ অতীতৰ সম্পৰ্কৰ কথাও মুকলিকৈ ক’লে। ছলমানে কয়, যেতিয়া এজন সংগীয়ে আনজনতকৈ অধিক আগবাঢ়ি যায়, তেতিয়াই সম্পৰ্কত ফাট মেলা হয়। নিৰাপত্তাহীনতাৰ অনুভৱ সোমাই আহিবলৈ আৰম্ভ কৰে। দুয়োজন সংগীয়ে একেলগে আগবাঢ়িলেহে সম্পৰ্ক দীৰ্ঘদিন ধৰি চলিব পাৰে।
কথা-বতৰা অব্যাহত ৰাখি ছলমানে কয়, সম্পৰ্ক তেতিয়াহে স্থায়ী হয় যেতিয়া দুয়োজনে ইজনে সিজনৰ বোজা ভাগ কৰে। মোৰ বিশ্বাস যে যদি কথাবোৰ ঠিক নহয়, তেন্তে সেইবোৰ কেৱল ঠিক নহ'ল। আৰু যদি কোনোবাই দোষী, তেন্তে সেয়া মই।
মন কৰিবলগীয়া যে টক শ্ব' টু মাচ উইথ কাজোল এণ্ড টুইংকল খান্নাৰ এই খণ্ডটোত আমিৰ খানও ছলমানৰ সৈতে উপস্থিত আছিল। কথা-বতৰাৰ সময়ত আমিৰে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়েও চৰ্চা কৰাৰ লগতে ৰীনা দত্তৰ সৈতে বিবাহ বিচ্ছেদৰ স্মৃতিও ভাগ কৰে। এই সম্পূৰ্ণ এপিছ'ড ৱিকীৰ প্ৰাইম ভিডিঅ'ত ষ্ট্ৰীম কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া