নলবাৰী, ২৫ ছেপ্টেম্বৰ (হি.স.): নলবাৰী জিলাৰ মুকালমুৱাত জুবিন গাৰ্গলৈ বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জনায় । যোৱাকালি বুধবাৰে সন্ধিয়াৰ ভাগত গাঁৱৰ পুৰুষ মহিলা সকলো ওলাই আহিল শ্ৰদ্ধাঞ্জলি দিবলৈ। মুকালমুৱাত বীৰ লাচিত সেনা অসমে ও জনালে শ্ৰদ্ধাঞ্জলি।
বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তুভ ৰয়েও জুবিনলৈ জনালে শ্ৰদ্ধাঞ্জলি। মুকালমুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জনালে শ্ৰদ্ধাঞ্জলি। মুকালমুৱা ব্যৱসায়ী সন্থা, মুকালমুৱা ষ্টেট বেংকৰ কৰ্মচাৰী সকল, মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা, টেঘেৰিয়াট্টাৰী, দমদমা, নাৰুৱা মুগদি সকলো গাঁৱৰ ৰাইজে সকলোৱে জনালে হিয়াৰ আমঠু গৰাকালৈ শ্ৰদ্ধাঞ্জলি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ