হোজাই, ২৫ ছেপ্টেম্বৰ (হি.স.): হোজাই জিলাৰ লংকাৰ কৃষ্ণ বৰা বি এড কলেজত যোৱাকালি বুধবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।প্ৰাণৰ শিল্পী, হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই কৃষ্ণ বৰা বি এড কলেজ পৰিয়াল বৰ্গই ।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষ ড০ মোস্তাফিজুৰ ৰহমানকে প্ৰমুখ্য কৰি অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী সকলে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই হাতে হাতে মমবাতি লৈ জুবিন গাৰ্গৰ গীত গায় গায় কৃষ্ণ বৰা বি এড কলেজৰ পৰা এক সমদল বাহিৰ কৰা হয়। এই সমদলত অধ্যক্ষ, অধ্যাপক অধ্যাপিকাকে ধৰি প্ৰায় তিনি শতাধিক তিনি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ