-নাগালেণ্ডত সংযোগৰ এক নতুন অধ্যায়ৰ সূচনা
গুৱাহাটী, ২৫ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই নাগালেণ্ডৰ মলভ’ম ৰেলৱে ষ্টেচনত পোন প্ৰথমবাৰৰ বাবে চিমেণ্টৰ ৰেক আনলোড কৰি এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। তেলেংগানাৰ মেচাৰ্ছ মাই হোম ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডৰ পৰা ৪১ খন ৱাগনত চিমেণ্ট ভৰ্তি এই ৰেকখন ২৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ১৮:৪৫ বজাত মেচাৰ্ছ নৰ্থ ইষ্ট ইনফ্ৰা নেটৱৰ্কৰ বাবে সফলতাৰে আনলোড কৰা হয়। এয়া মলভ’ম ৰেলৱে ষ্টেচনলৈ পোন প্ৰথমবাৰৰ বাবে ৰেকৰ চলাচল, যি অঞ্চলটোৰ ৰেল সংযোগ আৰু আন্তগাঁথনিক শক্তিশালী কৰি তুলিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেই উত্তৰ-পূৰ্বাঞ্চলত মালপৰিবহন সুবিধা বৃদ্ধিৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে, যিয়ে অৰ্থনৈতিক বিকাশ আৰু বহনক্ষম লজিষ্টিকত সহায় আগবঢ়াইছে। এই ৰেকে তেলেংগানাৰ মেল্লাচেৰুভুৰ পৰা নাগালেণ্ডৰ মলভ’ম ৰেলৱে ষ্টেচনলৈ ২,৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ ২,৬২৪ টন চিমেণ্ট পৰিবহন কৰিছে, যাৰ পৰিণামস্বৰূপে উদ্যোগসমূহলৈ সুলভ, পৰিৱেশ-হিতৈষী সুবিধা প্ৰদান কৰি আৰু ৰাজ্যখনৰ সামাজিক-অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে।
৮২.৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডিমাপুৰ-কোহিমা ৰেলৱে লাইনৰ ২.৭৫ কিলোমিটাৰ অসমত আৰু ৭৯.৭৫ কিলোমিটাৰ নাগালেণ্ডত বিস্তৃত হৈ আছে।
ই অসমৰ ধনশিৰিৰ পৰা কোহিমাৰ জুবজালৈকে বিস্তৃত আৰু ইয়াত আঠটা ষ্টেচন আছে—ধনশিৰি, ধনশিৰিপাৰ, শোখুভি, মলভম, ফেৰিমা, পিফেমা, মেংগুজুমা আৰু জুবজা। ইয়াত ২৭ খন বৃহৎ সেতু, ১৪৯ খন সৰু সেতু, ৫ খন ৰোড ওভাৰ ব্ৰীজ, ১৫ খন ৰোড আণ্ডাৰ ব্ৰীজৰ লগতে ৩১ কিলোমিটাৰ সামৰি ২০ টা সুৰংগ আছে। ধানশিৰি-শোখুভিৰ ১৬.৫ কিলোমিটাৰ খণ্ডটো ২০২১ বৰ্ষৰ অক্টোবৰত আৰম্ভ কৰা হয় আৰু তেতিয়াৰ পৰা শোখুভিৰ পৰা অৰুণাচল প্ৰদেশৰ নাহৰলগুন আৰু মেঘালয়ৰ মেন্দিপথাৰলৈ যাত্ৰীবাহী সেৱা চলাচল কৰি আছে। নতুনকৈ সম্পূৰ্ণ হোৱা ১৪.৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ শোখুভি-মলভম খণ্ডটোৱে চলিত বর্ষৰ মাৰ্চত ৰেল চলাচলৰ বাবে অনুমোদন লাভ কৰিছে।
ৰাষ্ট্ৰৰ জীৱনৰেখা ৰূপে ভাৰতীয় ৰেলৱেই, উত্তৰ-পূৰ্বাঞ্চলত নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে সদায় সমৰ্পিত। মলভ’মত প্ৰথম ৰেকৰ সফল স্থাপনে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দূৰৱৰ্তী অঞ্চলসমূহলৈ নিৰ্ভৰযোগ্য ৰেল সেৱা কঢ়িয়াই অনাৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰাৰ লগতে একে সময়তে ২০৩০ বৰ্ষৰ ভিতৰত নেট জিৰো অৰ্জন কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সঙ্গতি ৰাখি কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰি আনিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া