গোলাঘাট, ২৫ ছেপ্টেম্বৰ (হি.স.): হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ পাছত যোৱা কালি বুধবাৰে সন্ধিয়া প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই। অসম কন্ঠ গৰাকীৰ মৃত্যুৰ উচিত তদন্তত একমত প্ৰকাশ কৰিলে মন্ত্ৰী গৰাকীয়ে।
লগতে বোকাখাতত ফেচেংবৰ হেৰিটেজৰ আৰু ইমজাৰ উদ্যোগত আৰু বোকাখাতীয়া ৰাইজৰ সহযোগত শিল্পী গৰাকীৰ এক পুৰ্ণাংগ প্ৰতিমূৰ্ত্তি নিৰ্মাণত সহযোগ কৰাৰ লগতে জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰখাৰ বাবে এক বৃহৎ পৰিকল্পনা হাতত লোৱাৰ কথা প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ