২৯ তাৰিখৰ পৰা আৰ বি আইৰ মুদ্ৰা পৰ্যালোচনা বৈঠক, সম্ভাৱ্য ৰেপো ৰেট ০.২৫% কৰ্তন
নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ পৰৱৰ্তী পৰ্যালোচনা বৈঠক অহা ২৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠক ১ অক্টোবৰলৈকে চলিব। সভাত লোৱা সিদ্ধান্তসমূহ অহ
आरबीआई के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ পৰৱৰ্তী পৰ্যালোচনা বৈঠক অহা ২৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠক ১ অক্টোবৰলৈকে চলিব। সভাত লোৱা সিদ্ধান্তসমূহ অহা ১ অক্টোবৰত ঘোষণা কৰা হ’ব। পৰ্যালোচনা বৈঠকৰ সময়ত ৰেপোৰ হাৰ ০.২৫% কৰ্তনৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ চলিবলগীয়া তিনিদিনীয়া দ্বিমাহেকীয়া মুদ্ৰানীতি সমিতিৰ পৰ্যালোচনা বৈঠকৰ সময়ত আৰ বি আইয়ে মূল সুতৰ হাৰ (ৰেপ’ ৰেট) ০.২৫% হ্ৰাস কৰিব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ এক অধ্যয়নত কোৱা হৈছে যে ৰেপো হাৰত ০.২৫% কৰ্তন কেন্দ্ৰীয় বেংকৰ বাবে উপযুক্ত আৰু যুক্তিসংগত হ’ব, কিয়নো আগন্তুক ২০২৬-২৭ বিত্তীয় বৰ্ষত খুচুৰা মুদ্ৰাস্ফীতি কোমল হৈ থকাৰ সম্ভাৱনা আছে।

গ্ৰাহক মূল্য সূচকাংক (চিপিআই)ৰ ভিত্তিত মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ মাজতে ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী মাহৰ পৰা ৰেপো হাৰ এক শতাংশ হ্ৰাস কৰিছে। একেৰাহে তিনিবাৰকৈ ৰেপো ৰেট কৰ্তন কৰাৰ পিছত আগষ্ট মাহত ৰিজাৰ্ভ বেংকে অপৰিৱৰ্তিত ৰাখিছিল। বৰ্তমান ৰেপো ৰেট ৫.৫০ শতাংশ।

যদি ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কৰ্তন কৰে তেন্তে সেয়া সাধাৰণ জনতাৰ বাবে দীপাৱলী উপহাৰতকৈ কম নহয়, কিয়নো ২২ ছেপ্টেম্বৰৰ পৰা নতুন জি এছ টি ৰেট ৰূপায়ণৰ লগে লগে জনসাধাৰণে ইতিমধ্যে এটা ডাঙৰ উপহাৰ লাভ কৰিছে। আৰ বি আইয়ে যদি ৰেপো ৰেট কৰ্তন কৰে তেন্তে দীপাৱলীৰ পূৰ্বে সাধাৰণ জনতাৰ বাবে দ্বিতীয়টো ডাঙৰ উপহাৰ হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande