নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ছফদাৰজং ৰেলৱে ষ্টেচনৰ পৰা আজি বিশেষ ৰে’লযোগে বৃন্দাবন (উত্তৰ প্ৰদেশ)ত উপস্থিত হ’ব । বৃন্দাবনত থকা সময়ছোৱাত ৰাষ্ট্ৰপতিয়ে শ্ৰী বাংকে বিহাৰী মন্দিৰ, নিধিবন, আৰু কুবজা কৃষ্ণ মন্দিৰ ভ্ৰমণ আৰু পূজা অৰ্চনা কৰিব। বৃন্দাবনত তেওঁ সুদামা কুটিলৈও যাব। মথুৰাৰ শ্ৰীকৃষ্ণ জন্মস্থানত উপস্থিত হৈ দৰ্শন তথা পূজা-অৰ্চনা কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে। এই তথ্য ভাৰত চৰকাৰৰ প্ৰেছ এণ্ড ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ পৰ্টেলত প্ৰেছ বিজ্ঞপ্তিযোগে ভাগ-বতৰা কৰিছিল।
দুবছৰৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰে’লযোগে যাত্ৰা কৰিব বুলি কোৱা হৈছে। দ্ৰৌপদী মুৰ্মুয়ে শেষবাৰৰ বাবে এই বিশেষ ৰে’লযোগে যাত্ৰা কৰিছিল ২০২৩ চনৰ জুন মাহত, যেতিয়া তেওঁ ভুৱনেশ্বৰৰ পৰা নিজৰ গৃহ চহৰ ওড়িশাৰ ৰায়ৰংগপুৰলৈ যাত্ৰা কৰিছিল। এতিয়া দুবছৰ তিনিমাহৰ পাছত তেওঁ আকৌ ৰে’লযোগে যাত্ৰা কৰিব। নিৰাপত্তাজনিত কাৰণত বৃন্দাবনলৈ যোৱা পথৰ ৰে’ল ষ্টেচন আৰু অভাৰব্ৰিজত মোতায়েন কৰা হৈছে আৰ পি এফ আৰু জি আৰ পিৰ জোৱান। ৰাতিপুৱা ১০ বজাত বৃন্দাবনত উপস্থিত হ’ব ৰাষ্ট্ৰপতি। ফৰিদাবাদ আৰু পালৱাল হৈ এই বিশেষ ৰে’লখন যাত্ৰা কৰিব।
ৰে’লৱেৰ সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে পুৱা ৮:৩০ বজাত বিশেষ ৰে’লযোগে ছফদাৰজং ৰে’লৱে ষ্টেচনৰ পৰা ৰাওনা হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া মথুৰাৰ পৰা দিল্লীলৈ উভতি আহিব তেওঁ। মুৰ্মুৱে ৫:১৫ বজাত মথুৰা জংচনত ৰে’লত উঠিব । আৰু দিল্লীৰ ছফদাৰজং ৰেলৱে ষ্টেচনত ৬:৪৫ বজাত উপস্থিত হ’বহি। এই বিশেষ ৰে’লখন মহাৰাজা এক্সপ্ৰেছ ৰেক বুলি কোৱা হয়। আধুনিক সুবিধাৰে সজ্জিত এই ৰে’লখনত ১৬টা ডবা আছে। তেওঁৰ সৈতে ৰাষ্ট্ৰপতিৰ কৰ্মচাৰীৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকিব।
हिन्दुस्थान समाचार / অৰৱিন্দ