কাইলৈ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট-গণনাঃ পৰ্বতঝোৰা মহকুমা প্ৰশাসনে ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে
কোকৰাঝাৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। অহাকালি পঞ্চম বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট-গণনা। পৰ্বতঝোৰা মহকুমা প্ৰশাসনে ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। ১নং পৰিষদীয় সমষ্টিৰ বাবে পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত হব ভোট গণনা। পূৱা ৮ বজাৰ পৰাই
কাইলৈ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট-গণনাঃ পৰ্বতঝোৰা মহকুমা প্ৰশাসনে ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে


কোকৰাঝাৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। অহাকালি পঞ্চম বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট-গণনা। পৰ্বতঝোৰা মহকুমা প্ৰশাসনে ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। ১নং পৰিষদীয় সমষ্টিৰ বাবে পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত হব ভোট গণনা।

পূৱা ৮ বজাৰ পৰাই ভোটগণনা আৰম্ভ হব। ভোট গণনা কেন্দ্ৰত পৰ্বতঝোৰা মহকুমা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ভোট গণনাৰ বাবে ১০ খন কাউণ্টিং টেবুল থকাৰ লগতে ১০টা ৰাউণ্ডত অনুষ্ঠিত হব ভোট গণনা। সন্ধিয়া ৭ বজাৰ ভিতৰত ভোট গণনা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমৰ আগত আশা প্ৰকাশ পৰ্বতঝোৰা মহকুমাধিপতি গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande