দূৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত গৌৰীপুৰত মৃৎ শিল্পী সকল
গৌৰীপুৰত মৃৎ শিল্পী সকল দূৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে।
দূৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত গৌৰীপুৰত মৃৎ শিল্পী সকল


ধুবুৰী, ২৫ ছেপ্টেম্বৰ (হি.স.): শাৰদীয় দূৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃৎ শিল্পী সকলোৰ ব্যস্ততা বাঢ়িছে। সমন্তৰালকৈ গৌৰীপুৰত মৃৎ শিল্পী সকল দূৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে।

গৌৰীপুৰৰ বিভিন্ন ঠাইত অতি ধূম ধামেৰে দূৰ্গা পূজা উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। গৌৰীপুৰৰ মা তাৰা প্ৰতিমা কাৰখানাত শিল্পী সকল ২৫ টাকৈ পূজা মণ্ডৱৰ প্ৰতিমা নিৰ্মাণ কৰাৰ ব্যস্ত। ইফালে শিল্পী সকলৰ মতে যি সময়ত প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে তেনে সময়ত প্ৰতিমাৰ ক্ষেত্ৰত দাম একেই আছে। লগতে চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা লাভ কৰা নাই শিল্পী সকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande