ৰহাৰ পূজা মণ্ডপৰ পৰাও আয়োজক সমিতি সমূহৰ দাবী- জুবিন গাৰ্গৰ মৃত্যুৰ তৎকালীন তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ক
নগাও, ২৫ ছেপ্টেম্বৰ (হি.স.)। ৰহাৰ পূজা মণ্ডপৰ পৰাও আয়োজক সমিতি সমূহৰ দাবী- জুবিন গাৰ্গৰ মৃত্যুৰ তৎকালীন তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ক৷ বাতিল কৰা হৈছে সকলো সাংস্কৃতিক তথা মনোৰঞ্জন মূলক কাৰ্যসূচী৷ শাৰদীয় দুৰ্গাপূজালৈ মাজত মাথো দুদিন বাকী৷ ৰহাত কি
ৰহাৰ পূজা মণ্ডপৰ পৰাও আয়োজক সমিতি সমূহৰ দাবী- জুবিন গাৰ্গৰ মৃত্যুৰ তৎকালীন তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ক


নগাও, ২৫ ছেপ্টেম্বৰ (হি.স.)। ৰহাৰ পূজা মণ্ডপৰ পৰাও আয়োজক সমিতি সমূহৰ দাবী- জুবিন গাৰ্গৰ মৃত্যুৰ তৎকালীন তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ক৷ বাতিল কৰা হৈছে সকলো সাংস্কৃতিক তথা মনোৰঞ্জন মূলক কাৰ্যসূচী৷

শাৰদীয় দুৰ্গাপূজালৈ মাজত মাথো দুদিন বাকী৷ ৰহাত কিন্তু এতিয়ালৈকে পূজাৰ উছাহ দেখিবলৈ পোৱা নাই৷ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শোকত আজিও ম্ৰিয়মান ৰহা৷ ৰহাৰ বিভিন্ন ঠাইত পূজাৰ আয়োজক সমিতিসমূহে উলহ-মালহ তথা জাকজমকতাৰে পূজাৰ প্ৰস্তুতি চলাইছিল যদিও বুকুৰ আপোন শিল্পীগৰাকীৰ অকাল মৃত্যুত আপোনা আপোনি ম্লান পৰি গৈছে সকলো উছাহ৷ ৰহাৰ ৰহদৈ বাৰোৱাৰী পূজা সমিতি, ৰহা পুৰণা চাৰিআলি পূজা সমিতি, জ্যোতি সংঘ পূজা সমিতি আদি প্ৰায় সকলো পূজা সমিতিয়ে এইবাৰ পূজাত বাতিল কৰিছে সকলো সাংস্কৃতিক তথা মনোৰঞ্জনমূলক কাৰ্যসূচী৷

কেৱল ধৰ্মীয় তথা মাংগলিক ৰীতি-নীতিৰ মাজেৰে সমাপন কৰিব পূজাভাগ৷ মনোৰঞ্জনৰ পৰিৱৰ্তে পূজাৰ আটাই কেইদিন পূজা মণ্ডপত চলি থাকিব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ সকলো ভক্তপ্ৰাণ ৰাইজে আপোন শিল্পী গৰাকীক জনাব পাৰিব শ্ৰদ্ধাঞ্জলি৷ লগতে পূজাস্থলীৰ পৰাই পূজা সমিতি সমূহে জুবিন গাৰ্গৰ মৃত্যুৰ খৰতকীয়া তদন্ত কৰি দোষীক কঠোৰতম শাস্তি দিবলৈ পূজা সমিতি সমূহে চৰকাৰক দাবী জনাইছে৷

ইপিনে পূজাত সকলো মনোৰঞ্জনমূলক কাৰ্যসূচী বাতিল কৰিলেও পূৰ্ৱৰ দৰে ৰহা পুৰণা চাৰিআলি দুৰ্গাপূজা সমিতিয়ে এইবাৰো আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে পূজা মণ্ডপ৷ কৈলাস পৰ্বতৰ আৰ্হিত নিৰ্মাণ কৰা মণ্ডপটোৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু মণ্ডপটোৱে ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande