মেৰাপানী সীমান্তৰ চীডফাৰ্মত পুনৰ বিভিন্ন দল সংগঠনৰ সহযোগত ৰাইজৰ প্ৰতিবাদ
গোলাঘাট, ২৫ছেপ্টেম্বৰ (হি.স.)। মেৰাপানী সীমান্তৰ ভেলৌগুৰিৰ চীডফাৰ্মত পুনৰ বিভিন্ন দল সংগঠনৰ সহযোগত ৰাইজৰ প্ৰতিবাদ। চীডফাৰ্মত নগাই মজুত ৰখা তৈল খেজুৰৰ পুলি ঘুৰাই নিনিয়াৰ প্ৰতিবাদত পুনৰ প্ৰতিবাদত বহিছে স্থানীয় ৰাইজ। পূৰ্বতে স্থানীয় ৰাইজ দল সংগঠনৰ দাবীৰ
মেৰাপানী সীমান্তৰ চীডফাৰ্মত পুনৰ বিভিন্ন দল সংগঠনৰ সহযোগত ৰাইজৰ প্ৰতিবাদ


গোলাঘাট, ২৫ছেপ্টেম্বৰ (হি.স.)। মেৰাপানী সীমান্তৰ ভেলৌগুৰিৰ চীডফাৰ্মত পুনৰ বিভিন্ন দল সংগঠনৰ সহযোগত ৰাইজৰ প্ৰতিবাদ। চীডফাৰ্মত নগাই মজুত ৰখা তৈল খেজুৰৰ পুলি ঘুৰাই নিনিয়াৰ প্ৰতিবাদত পুনৰ প্ৰতিবাদত বহিছে স্থানীয় ৰাইজ। পূৰ্বতে স্থানীয় ৰাইজ দল সংগঠনৰ দাবীৰ পৰিপেক্ষিতত গোলাঘাট জিলা প্ৰশাসনে ২৪ ছেপ্টেম্বৰৰ ভিতৰত চীডফাৰ্মৰ পৰা পাম অইলৰ পুলি ওভোটাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও জিলা প্ৰশাসন ব্যৰ্থ হোৱাৰ পাছতে আজি পুনৰ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰী লোক সকলে।

স্থানীয় ৰাইজৰ লগত প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চাহ জনজাতি ছাত্র সন্থাই। প্ৰতিবাদকাৰী সকলে চিডফাৰ্মৰ চিআৰপিএফ চাউনিৰ প্ৰৱেশ পথত অৱস্থান কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে, অসমভূমিৰ চিডফাৰ্মত নগাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি পাম অইলৰ খেতি কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে স্থানীয় অসমীয়া ৰাইজ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande