শ্যামকানু মহন্তক ফাঁচী দিয়ক ধ্বনিৰে উত্তাল পাঠশালা
শ্যামকানু মহন্তক ফাঁচী দিয়ক ধ্বনিৰে উত্তাল পাঠশালা।
শ্যামকানু মহন্তক ফাঁচী দিয়ক ধ্বনিৰে উত্তাল পাঠশালা


বৰপেটা, ২৫ ছেপ্টেম্বৰ (হি.স.): মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সহজ ভাবে লৱ পৰা নাই জুবিন অনুৰাগী সকলে। ৰাজ্যৰ বিভিন্ন স্থানত জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি তথা দোষীৰ শাস্তি বিচাৰি প্ৰতিবাদ অব্যাহত আছে। বৰপেটা জিলাৰ পাঠশালাতো অব্যাহত আছে এই প্ৰতিবাদ।

জুবিন অনুৰাগীসকলে যোৱাকালি মঙলবাৰে সন্ধিয়া জুবিনক ছিংগাপুৰলৈ লৈ যোৱা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক,সিদ্ধাৰ্থ শৰ্মাক ফাঁচী দিয়ক, শ্যামকানু মহন্তক ফাঁচী দিয়ক ধ্বনিৰে উত্তাল কৰি তোলে পাঠশালা। গণশিল্পী জুবিন গাৰ্গৰ অন্তিম সংস্কাৰৰ পিছতে সৰব হৈ উঠিছে বিভিন্ন দল সংগঠন । হাৰ্থথ্ৰব জুবিন গাৰ্গৰ মৃত্যু সহজ ভাবে ল’ব পৰা নাই জুবিন অনুৰাগী সকলে। জুবিন গাৰ্গৰ হত্যাৰ তদন্ত বিছাৰি ৰাজপথলৈ ওলাই আহিল ৰাষ্ট্ৰীয় বজৰং দল। পাঠশালা নগৰৰ মাজেৰে বৃহৎ সমদল ৰাষ্ট্ৰীয় বজৰং দলৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande