নলবাৰী চহৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিমূৰ্তি দাহ
নলবাৰী চহৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিমূৰ্তি দাহ ।
নলবাৰী চহৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিমূৰ্তি দাহ


নলবাৰী, ২৫ ছেপ্টেম্বৰ (হি.স.): মৰমৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত ম্ৰিয়মান অনুৰাগীসকলে নলবাৰী চহৰত যোৱাকালি মঙলবাৰে সন্ধিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে । বিশ্ব হিন্দু পৰিষদ, বজৰং দলে ৰাইজৰ সহযোগত কৰে এই প্ৰতিবাদ ।

মৰমৰ শিল্পী গৰাকীৰ মৃত্যুৰ তদন্ত কৰি ফাচিৰ দাবী উত্থাপন কৰি নলবাৰী চহৰৰ থানা চকত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা দাহ কৰে । আনহাতে বিশ্ব হিন্দু পৰিষদ, বজৰং দলে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে নলবাৰী সদৰ থানাত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande