দুলীয়াজানত শিশু ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযুক্ত এজনক হত্যা
তিনিচুকিয়া,২৫ছেপ্টেম্বৰ (হি.স.)। দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাত ভয়ংকৰ ঘটনা । শিশু ছাত্ৰীক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত এজনক দলবদ্ধভাৱে হত্যা । নিহত লোকজনক নতুন ডিৰিয়াল চাহ বাগিচাৰ কাছাৰীয়া শ্ৰমিক লাইনৰ সুখেন বাউলি বুলি জানিব পৰা গ
দুলীয়াজানত শিশু ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযুক্ত এজনক হত্যা


তিনিচুকিয়া,২৫ছেপ্টেম্বৰ (হি.স.)। দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাত ভয়ংকৰ ঘটনা । শিশু ছাত্ৰীক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত এজনক দলবদ্ধভাৱে হত্যা । নিহত লোকজনক নতুন ডিৰিয়াল চাহ বাগিচাৰ কাছাৰীয়া শ্ৰমিক লাইনৰ সুখেন বাউলি বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিগত ২২ ছেপ্টেম্বৰত নিশা নতুন ডিৰিয়াল চাহ বাগিচাত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছিল । উক্ত অনুষ্ঠানৰ পৰা এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক দুৰ্বৃত্তই কৌশলেৰে অপহৰণ কৰিছিল। প্ৰথমে দুৰ্বৃত্তই ছাত্ৰী গৰাকীক বলাৎকাৰ কৰে আৰু পিচত অতি নিমৰ্মভাৱে হত্যা কৰি মৃতদেহটো বাগিচাখনৰ ১৭ নম্বৰ ছেকচনত পেলাই থৈ পলায়ণ কৰে।

ইফালে ২৩ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে কণমানি ছাত্ৰী গৰাকীৰ মৃতদেহটো বাগিচাখনৰ ১৭ নম্বৰ ছেকচনত প্ৰত্যক্ষ কৰি পৰিয়ালক অৱগত কৰিছিল । ইয়াৰ পিছতেই স্থানীয় ৰাইজৰ লগতে কেইবাটাও দল-সংগঠনে উক্ত ঘটনাৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান দাবীত দুদিন ধৰি ছাত্ৰী গৰাকীৰ মৃতদেহ সন্মুখত লৈ অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।

ইফালে বৃহস্পতিবাৰে ক্ষুব্ধ ৰাইজে ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত সুখেন বাউৰিক চিনাক্ত কৰি আটক কৰিবলৈ চেষ্টা চলায় । সেই সময়তে অভিযুক্ত সুখেন বাউৰিয়ে বাগিচাৰ মাজত এখন চোকা অস্ত্ৰৰে ডিঙি ৰেপি আত্মহননৰ চেষ্টা চলায় । এই ঘটনা প্ৰত্যক্ষ কৰি ক্ষুব্ধ ৰাইজে সুখেন বাউৰিক আহত অৱস্থাত লাঠিৰে দলবন্ধভাৱে আক্ৰমণ কৰি হত্যা কৰে। ইয়াৰ পিছতেই বাগিচা খনত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি। উত্তেজিত ৰাইজে অভিযুক্তৰ মৃতদেহটো ঘটনাস্থলীত জ্বলাই দিয়াৰ চেষ্টা চলাই উত্তেজনা পৰিস্থিতিৰ সৃষ্টি কৰে ।

অৱশ্যে ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হোৱাৰ পিছত ক্ষুব্ধ ৰাইজৰ সৈতে তীব্ৰ সংঘাতৰ সৃষ্টি হয়। পিচত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি বাগিচা খনত অব্যাহত আছে চেপা উত্তেজনা। বাগিচা খনত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়ণ কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande