ধেমাজি, ২৫ ছেপ্টেম্বৰ (হি.স.)। ধেমাজি জিলাৰ জোনাইত হাতী মানুহৰ সংঘাট অব্য়াহত আছে । জোনাইৰ বেৰা চাপৰি অঞ্চলৰ তাৰি মাজগাঁৱত আজি পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়।
জানিব পৰামতে পুৱতি নিশা প্ৰায় ৩ বজাত মহেন্দ্ৰ দাস নামৰ প্ৰায় ৬০ বছৰীয়া লোকজনে ঘৰৰ কাষতে থকা এটা পুখুৰীত মাছ মাৰিবলৈ বুলি জালখন লৈ ওলায় যায়। তেনে সময়তে পবা বনাঞ্চলৰ পৰা ওলায় অহা ৬ জনীয়া বন্যহস্তীৰ জাকৰ আক্ৰমণত ব্যক্তিজন থিতাতে মৃত্যু হয়।
উল্লেখযোগ্য যে, অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা বিভিন্ন সময়ত হাতী মানুহৰ সংঘাট সৃষ্টি হৈ আহিছে। তেনে ঘটনা সন্দৰ্ভত জোনাই বন বিভাগক কেইবাবাৰো আবেদন জনোৱা হৈছে যদিও আজি পৰ্যন্ত জোনাই বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে আজি বন্যহস্তীৰ জাকৰ আক্ৰমণত এগৰাকী বৃদ্ধই প্ৰাণ আহুতি দিবলগীয়া হৈছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু