যোৰহাট, ২৫ ছেপ্টেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত যোৱাকালি মঙলবাৰে বিয়লি পোহৰলৈ আহে মানৱ সমাজক লজ্জিত কৰাৰ ঘটনা। মৰিয়নিৰ কাটনীবাৰী চাহ বাগিচাত এটা সদ্যোজাত দেৱশিশু উদ্ধাৰ কৰা হয় ৷ কাটনীবাৰী চাহ বাগিচাৰ হস্পিতাল লাইনৰ ৰামা গোৱালা নামৰ লোক জনৰ বাৰীৰ পাছফালে এটি কন্যা দেৱশিশু উদ্ধাৰ কৰে গৃহস্থই৷
ইতিমধ্যে ঘটনাস্থলীত মৰিয়নি আৰক্ষী উপস্থিত হৈ দেৱশিশটি উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে৷ কোনো হৃদয়হীন লোকে নৱজাতক কণ্যা সন্তানটি এৰি থৈ গৈছে লোকজনৰ বাৰীৰ পাছফালে। কোনে কি পৰিস্থিতিত পৰি নিজৰ নৱজাতক সন্তানটি এৰি থৈ গৈছে ইয়াক লৈ চাঞ্চল্য সৃষ্টি হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ