গুৱাহাটী, ২৫ ছেপ্টেম্বৰ (হি.স.)। প্ৰসংগঃ সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীত সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালি। সোণাপুৰ আৰক্ষীৰ জালত পাঁচ যুৱক সহ এগৰাকী যুৱতী। সুৰাৰ ৰাগীত মাতাল হৈ জুবিনৰ নিৰ্মিয়মান সমাধিস্থলীৰ শ্ৰমিকক কামত কৰিছিল বাধা প্ৰদান। লোক নিৰ্মাণ বিভাগৰ কৰ্তব্যৰত কনিষ্ঠ অভিযন্তাক দিছিল ধমক। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি ধৃত আটাই কেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
ধৃত যুৱক কেইজন কাহিলীপাৰাৰ অৰূপ দাস আৰু মিগম শৰ্মা, দক্ষিণগাঁৱৰ অৰূপ ফুকন, কমলপুৰৰ হিৰকজ্যোতি কাকতি, আৰু ওদালগুৰিৰ দেৱাশীষ ঠাকুৰীয়া আনহাতে যুৱতী গৰাকী সোণাপুৰৰ ডিগাৰুৰ প্ৰিয়ংকা ফাংচো।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
হিন্দুস্থান সমাচাৰ / Narayan Kar